হোৰাহোৰে হ্ৰাস সম্পত্তিঃ ৩ দিনত আদানিৰ ১.৩২ লাখ কোটি, বিনিয়োগকাৰীৰ ২.৭৫ লাখ কোটি লোকচান....

হোৰাহোৰে হ্ৰাস সম্পত্তিঃ ৩ দিনত আদানিৰ ১.৩২ লাখ কোটি, বিনিয়োগকাৰীৰ ২.৭৫ লাখ কোটি লোকচান....
হোৰাহোৰে হ্ৰাস সম্পত্তিঃ ৩ দিনত আদানিৰ ১.৩২ লাখ কোটি, বিনিয়োগকাৰীৰ ২.৭৫ লাখ কোটি লোকচান....

ডিজিটেল ডেস্কঃ বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত উপনীত হোৱা গৌতম আদানী বিপদত। যোৱা দিন কেইটাত হোৰাহোৰে সম্পত্তিৰ পৰিমাণ হ্ৰাস হোৱাৰ পিছত এতিয়া আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰো হ্ৰাস হৈছে।

প্ৰতিবেদন অনুসৰি আদানি টোটেল গেছ আৰু আদানি ট্ৰেন্সমিশ্যনৰ শ্বেয়াৰ ২০ শতাংশকৈ হ্ৰাস পাইছে। উল্লেখ্য যে, ফৰেনচিক বিত্তীয় গৱেষণাপ্ৰতিষ্ঠান হিণ্ডনবাৰ্গে এক প্ৰতিবেদনত আদানি গ্ৰুপৰ ওপৰত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আদানি গ্ৰুপত বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে।

যোৱা বুধবাৰৰ পৰা আজিলৈকে মাত্ৰ ৩ টা দিনত আদানিৰ সম্পত্তিৰ পৰিমাণ ১০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি আদানীয়ে এই ৩ দিনত ১.৩২ লাখ কোটি টকা হেৰুৱাইছে।

কেৱল সেয়াই নহয় আদানিৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰা সকলে এই ৩ দিনত হেৰুৱাইছে ২.৭৫ লাখ কোটি টকা। ফৰেনচিক বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে বুধবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত কৈছিল যে আদানি গোটৰ সাতটা মুখ্য তালিকাভুক্ত কোম্পানীৰ যথেষ্ট ঋণ আছে। ইয়াৰোপৰি আদানি গ্ৰুপৰ বিৰুদ্ধে কেইবা দশক ধৰি হেৰফেৰ আৰু একাউণ্টিং জালিয়াতি, মানি লণ্ডাৰিং আদিৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ ২০ হাজাৰ কোটি টকাৰ ফলো-অন ৰাজহুৱা অফাৰ (এফ পিঅ') শুকুৰবাৰে মুকলি হয়। ইয়াৰ প্ৰতি শ্বেয়াৰত ৩১১২ ৰ পৰা ৩২৭৬ টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু হোৰা হোৰে শ্বেয়াৰ হ্ৰাস হোৱাত আদানি এণ্টাৰপ্ৰাইজেছৰ অংশ ২৯১৮ টকালৈ হ্ৰাস পাইছে। এয়া হৈছে ১৪ শতাংশ হ্ৰাস।

আদানি গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানি ফৰ্বছৰ ধনী ব্যক্তিৰ তালিকাৰ চাৰি নম্বৰৰ পৰা সপ্তম স্থানলৈ অৱনমিত হৈছে। ২৫ জানুৱাৰীত, তেওঁৰ সম্পত্তিৰ মুঠ মূল্য আছিল ৯.২০ লাখ কোটি টকা। যি শুকুৰবাৰে ৭.৮৮ লাখ কোটি টকালৈ হ্ৰাস পাইছিল।

অৱশ্যে, আদানি গ্ৰুপৰ মুখ্য বিত্তীয় বিষয়া (চিএফঅ') যুগিন্দৰ সিঙে এই প্ৰতিবেদনক অৰ্থহীন বুলি অভিহিত কৰিছে। প্ৰতিবেদনখনক সত্যহীন বুলি অভিহিত কৰি তেওঁ কয় যে, উত্থাপিত অভিযোগবোৰ ভিত্তিহীন।

হোৰাহোৰে হ্ৰাস সম্পত্তিঃ ৩ দিনত আদানিৰ ১.৩২ লাখ কোটি, বিনিয়োগকাৰীৰ ২.৭৫ লাখ কোটি লোকচান....
নিৰাপত্তাজনিত কাৰণত ৩ দিনৰ পূৰ্বেই জন্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা সামৰিলে ৰাহুল গান্ধীয়ে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in