বলীউডী তাৰকা অক্ষয় কুমাৰৰ নতুন ছবি...

পিছে এইবাৰ ছবিগৃহত নহয় OTT প্লেটফৰ্মতহে আহিব এই ছবি

author-image
Asomiya Pratidin
New Update
বলীউডী তাৰকা অক্ষয় কুমাৰৰ নতুন ছবি...

ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম তাৰকা অক্ষয় কুমাৰৰ নতুন ছবি। পুনৰ নতুন ছবি আগমনৰ বাৰ্তা দিলে তাৰকা গৰাকীয়ে। পিছে এইবাৰ ছবিগৃহত নহয় OTT প্লেটফৰ্মতহে আহিব এই ছবি।

বলীউডৰ অন্যতম তাৰকা অক্ষয় কুমাৰৰ নতুন ছবিৰ নাম ঘোষণা। এইবাৰ “OMG2” অৰ্থাৎ “Oh My God 2”ৰ উপহাৰ দিব তাৰকা গৰাকীয়ে। ইতিমধ্যেই তাৰকা গৰাকীয়ে ছবিৰ পোষ্টাৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ছবিখনৰ বাবে যাৱতীয় সকলো কাম-কাজৰো সম্পন্ন কৰিছে ছবিৰ পৰিচালক-প্ৰযোজকে।

ইখনৰ পাছত সিখন ছবি ছবিগৃহলৈ মুকলি কৰি দিয়াৰ পিছত এইবাৰ OTT প্লেটফৰ্ম বাচি লৈছে বলীউডৰ তাৰকা অক্ষয় কুমাৰে। ছবিগৃহত প্ৰতিবাৰেই দৰ্শকৰ সমাদৰ লাভ নকৰাৰ বাবেই যেন এই পন্থা অৱলম্বন কৰিছে তাৰকা গৰাকীয়ে। উল্লেখ্য যে, তাৰকা গৰাকীৰ শেহতীয়া ছবি “ছেল্ফি”য়েও দৰ্শকৰ সমাদৰ লাভ কৰা নাছিল।

Also Read: 5 Assamese Actors who made Assam Proud: বলীউডত প্ৰতিষ্ঠিত অসমীয়া অভিনেতা

bollywood