/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/044569d8-f7f1-43dc-98b8-afee06d8f28f/AP_FOR_WEB_maharastra.jpg)
ভংগ হ'ব পাৰে একনাথ সিন্দে চৰকাৰঃ বিধায়ক পদ খাৰিজ সন্দৰ্ভত SCৰ জাননী...
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ অনুগত ১৫ বিধায়কৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰৱেকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰৱেকাৰে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাত ইচ্ছাকৃত ভাৱে পলম কৰাৰ অভিযোগ উত্থাপন হৈছে।
ৰাহুল নৰৱেকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোদ উত্থাপন কৰি শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ বিধায়ক সুনীল প্ৰভু উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে এই জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নেতৃত্বাধীন ৩ জনীয়া বিচাৰপীঠে এই সন্দৰ্ভত এক জাননী জাৰি কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক আগন্তুক ২ সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ শিৱসেনাৰ চৰকাৰত বিদ্ৰোহৰ সূচনা কৰি পৰৱৰ্তী সময়ত বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল বিদ্ৰোহী একনাথ সিন্দেয়ে। একনাথ সিন্দে আৰু তেওঁৰ অনুগত ১৫ বিধায়কৰ এই কাৰ্য দলত্যাগ বিৰোধী কাৰ্যকলাপ হয় নে নহয় সেই বিষয়ে বিবেচনাৰ দায়িত্ব মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক দিছিল উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ সেই নিৰ্দেশৰ পাছতো অধ্যক্ষই ইচ্ছাকৃত ভাৱে সেই সিদ্ধান্ত গ্ৰহণত পলম কৰি আছে বুলি অভিযোগ উত্থাপন হৈছে। একনাথ সিন্দেসহ ১৬ বিধায়কৰ অৱস্থান স্পষ্ট কৰিবলৈ বিগত বছৰৰ জুন মাহত নিৰ্দেশ দিছিল তদানীন্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালে।
কিন্তু তাৰ পূৰ্বেই মহাৰাষ্ট্ৰ বিধানসভাত উপাধ্যক্ষক অপসাৰণ কৰাৰ প্ৰাস্তাৱ উত্থাপন হৈছিল । গতিকে তেওঁৰ এই বিষয়ত কৈফিয়ত লোৱাৰ অধিকাৰ হেৰুৱাইছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এক ৰায়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল সিন্দে চৰকাৰে।
২০১৬ চনত অৰুণাচল প্ৰদেশৰ 'নাবাম ৰেবিয়া বনাম উপাধ্যক্ষ' গোচৰত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন বিচাৰপতি জে এছ শেখৰ আৰু বিচাৰপতি দীপক মিশ্ৰৰ ৰায় আছিল, উপাধ্যক্ষক অপসাৰণ কৰাৰ সন্দৰ্ভত প্ৰস্তাৱ উত্থাপন হ'লে দলত্যাগী বিধায়ক দলত্যাগ বিৰোধী আইনৰ আওতাত পৰিবনে নাই সেই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব উপাধ্যক্ষই।
সেই ৰায়কেই সিন্দে গোটে মহাৰাষ্ট্ৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। যোৱা ১১ মে'ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীৰ সাংবিধানিক বিচাৰপীঠে জনাই যে, একনাথ সিন্দেসহ ১৬ বিধায়কৰ পদ বাহাল থাকিব নে নাই সেই বিষয়ে সিদ্ধান্ত ল'ব অধ্যক্ষই।
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পূৰ্বেই সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লৈ এন চি পি বিধায়ক জিৰৱালক আঁতৰাই অধ্যক্ষ হয় বিজেপিৰ নৰৱেকাৰ। একেদৰেই উদ্ধৱ ঠাকৰে গোটৰ বিধায়ক সুনীল প্ৰভুক আঁতৰাই আকৌ একনাথ সিন্দে গোটৰ অনিল পৰবেৰক শিৱসেনাৰ চিফ হুইপ হিচাপে নিযুক্তি দিয়া হয়।
তাৰ পাছৰে পৰা একনাথ সিন্দে আৰু তেওঁৰ অনুগত ১৫ বিধায়কৰ বিধায়ক পদ বাহাল থাকিবনে নাই, দল বিৰোধী কাৰ্যকলাপৰ বাবে বিধায়ক পদ খাৰিজ কৰিবনে নাই সেই বিষয়ত কোনো সিদ্ধান্ত লোৱা নাই অধ্যক্ষ ৰাহুল নৰৱেকাৰে। সেয়ে ১৬ বিদ্ৰোহী বিধায়কৰ পদ খাৰিজ কৰাৰ বিষয়ত অধ্যক্ষই ইচ্ছাকৃত ভাৱে পলম কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে ১১ মে'ৰ সেই ৰায়তেই উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে জনাইছে যে, একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছতেই উদ্ধাৱ ঠাকৰেক বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিয়ে যি নিৰ্দেশ দিছিল সেই নিৰ্দেশ সঠিক নাছিল।
Also Read: চৰকাৰী আঁচনিৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি গ্ৰেপ্তাৰ দিলোৱাৰ হুচেইন