প্ৰথমে ৮০ ঘন্টা, পাছত ৩১ মাহঃ তৃতীয় বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হ'ল অজিত পাৱাৰ

এনচিপি নেতা অজিত পাৱাৰ পুনৰ শপত গ্ৰহণ কৰিলে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে।

author-image
Asomiya Pratidin
New Update
প্ৰথমে ৮০ ঘন্টা, পাছত ৩১ মাহঃ তৃতীয় বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হ'ল অজিত পাৱাৰ

ডিজিটেল ডেস্কঃ এনচিপি নেতা অজিত পাৱাৰ পুনৰ শপত গ্ৰহণ কৰিলে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে।দেওবাৰে তেওঁ বিগত চাৰি বছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

Advertisment

অজিত পাৱাৰে ২০১৯ চনত বিজেপি চৰকাৰত কেইটামান ঘণ্টাৰ বাবে উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিয়নো বিজেপি নেতৃত্বাধীন চৰকাৰখন কেৱল ৮০ ঘন্টাৰ বাবেহে আছিল। তেওঁ উদ্ধৱ ঠাকৰেৰ নেতৃত্বত থকা পূৰ্বৰ মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰতো উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাৰাষ্ট্ৰৰ এমভিএ চৰকাৰ ২০১৯ চনৰ নৱেম্বৰৰ পৰা ২০২২ জুনলৈ শাসনত আছিল।

তাৰপাছত আজি একনাথ সিন্দেৰ নেতৃত্বাধীন চৰকাৰত পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ চলি থকা বহু জল্পনা-কল্পনাৰ অন্ত পৰে।

উল্লেখ্য যে, এন চি পিৰ এই নেতাগৰাকীৰ ওচৰত সমৰ্থন আছে দলটোক ৪৩ গৰাকী বিধায়কৰ । ইয়াৰে ৯ গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক সমীকৰণে যে বিৰোধী শিৱিৰত জোকাৰণিৰ সৃষ্টি কৰিছে সেয়া নিশ্চিত।

Also Read: নৃশংস! ধনৰ লোভত বন্ধুক হত্যা কৰিলে ছাহিনুৰ ইছলামে

ajit pawar