নৃশংস! ধনৰ লোভত বন্ধুক হত্যা কৰিলে ছাহিনুৰ ইছলামে

যোগীঘোপাত নৃশংস হত্যাকাণ্ড। ধনৰ লোভত বন্ধুৱে বন্ধুক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
নৃশংস! ধনৰ লোভত বন্ধুক হত্যা কৰিলে ছাহিনুৰ ইছলামে

ফটোৰ বাঁওফালৰ জন ছাহিনুৰ, হালধীয়া টি-চাৰ্ট পিন্ধাজন নৌছাদ

ডিজিটেল ডেস্কঃ যোগীঘোপাত নৃশংস হত্যাকাণ্ড। ধনৰ লোভত বন্ধুৱে বন্ধুক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছাহিনুৰ ইছলামে বন্ধু নৌছাদ আলীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

৩০ জুনত নতুন গাড়ী ক্রয় কৰিবলৈ ওলাই গৈছিল দুই বন্ধু। সেইদিনাৰ পৰাই সন্ধানহীন হৈ আছিল দুয়োজন। তাৰপাছতে ১ জুলাইত উদ্ধাৰ হয় নৌছাদৰ মৃতদেহ। বঙাইগাঁৱৰ বৰঘোলা–কাহিবাৰীত আই নদীৰ দলঙৰ কাষত উদ্ধাৰ মৃতদেহটো।

অভিযোগ অনুসৰি হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল ছাহিনুৰে। হত্যাকাৰী ছাহিনুৰ ইছলামক ইতিমধ্যে গ্রেপ্তাৰ যোগীঘোপা আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: ভুল দিশেৰে চলোৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল পিতৃসহ দুই কন্যাৰ...

Assam police