আপোনাৰ ৮৩ বছৰ হ'ল, কেতিয়া এৰিব পদ? NCP ৰ অধ্যক্ষ পদ দাবী অজিত পাৱাৰৰ

আপোনাৰ ৮৩ বছৰ হ'ল, কেতিয়া এৰিব পদ? NCP ৰ অধ্যক্ষ পদ দাবী অজিত পাৱাৰৰ

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিছে। এতিয়াও উত্তপ্ত হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি। ইয়াৰ মাজতে বুধবাৰে শাৰদ পাৱাৰ আৰু অজিত পাৱৰৰ গোটৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অজিত পাৱাৰে কৰে এক বিশেষ দাবী। এন চি পিৰ অধ্যক্ষ পদৰ দাবী কৰাৰ লগতে দলৰ নাম, প্ৰতীক চিহ্ন বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে।

অজিত পাৱাৰে দলৰ প্ৰতীক আৰু নামৰ কথা দাবী কৰি কয় যে এনচিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৩০ জুনত মুম্বাইত অনুষ্ঠিত হৈছিল। তাত অজিত পাৱাৰক দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত কৰা হৈছিল।

আনহাতে শাৰদ পাৱাৰে কয় যে, আমাৰ ওচৰত দলটোৰ প্ৰতীক আছে। ই আমাৰ হৈয়ে থাকিব। যিসকলে আমাক ক্ষমতালৈ আনিছিল তেওঁলোক আমাৰ লগতে আছে। দলৰ প্ৰতীক আমি কাকো লবলৈ নিদিও।

অজিত পাৱাৰে তেওঁৰ সমৰ্থকসকলক সম্বোধন কৰি শৰদ পাৱাৰক ৰাজনীতি এৰিবলৈ আহ্বান জনায়। অধ্যক্ষ পদৰ দাবী কৰি তেওঁ কয় যে, "আপোনাৰ বয়স ৮৩ বছৰ হৈছে। আপুনি কেতিয়া এৰিব পদ। আমি চৰকাৰ চলাব পাৰো। আমাৰ শক্তি আছে। আমাক সুযোগ কিয় নিদিয়ে? লগতে কয় যে, মই মুখ্যমন্ত্ৰী হ'ব বিচাৰো। তাৰ বাবে দলৰ অধ্যক্ষ পদত থকাতো জৰুৰী। তেতিয়াহে ৰাজ্যৰ কিবা ভাল কৰিব পাৰিম।

অজিত পাৱাৰে লগতে কয়, "মোডীজী ২০২৪ চনৰ নিৰ্বাচনতো শাসনলৈ আহিব। ২০০৪ চনত এনচিপিৰ সংখ্যা আছিল ৭১। মই দলটোৰ সংখ্যাক ইয়াৰ আগত লৈ যাম। আমি এখন সভাও অনুষ্ঠিত কৰিব লাগিব। যদি নকৰো তেন্তে মানুহে মোক ভুল ভাৱিব।

উল্লেখ্য যে, বৈঠকত শাৰদ পাৱাৰৰ গোটৰ বৈঠকত ১৩ গৰাকী বিধায়ক আৰু ৪ গৰাকী সাংসদ উপস্থিত থকাৰ লগতে অজিত পাৱৰৰ গোটৰ বৈঠকত ৩০জনৰো অধিক বিধায়ক উপস্থিত থাকে।

আপোনাৰ ৮৩ বছৰ হ'ল, কেতিয়া এৰিব পদ? NCP ৰ অধ্যক্ষ পদ দাবী অজিত পাৱাৰৰ
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫শতাংশ নম্বৰ পালেই ছাত্ৰই পাব বাইক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in