উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫শতাংশ নম্বৰ পালেই ছাত্ৰই পাব বাইক...

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫শতাংশ নম্বৰ পালেই ছাত্ৰই পাব বাইক...

ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই মৰ্মে বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। সেই অনুসৰি এইবাৰৰ পৰা ছাত্ৰসকলক দিয়া হব মটৰ চাইকেল।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰীসকলক দিয়া হব স্কুটী। লগতে যিসকল ছাত্ৰই ৭৫ বা তাততৈ বেছি শতাংশ নম্বৰ লাভ কৰে তেওঁলোকক দিয়া হব মটৰ চাইকেল। আনহাতে নৱম শ্রেণীত অধ্যয়ন কৰি থকা ৩,৭৮,০০০ শিক্ষাৰ্থীক দিয়া হ’ব চাইকেল।ইয়াৰ বাবে ১৬৮ কোটি টকা ধাৰ্য কৰা হৈছে।

উল্লেখ্য যে, চৰকাৰৰ এনে সিদ্ধান্তই এতিয়া চিন্তত কৰি তুলিছে একাংশ জনতাক। ধাৰত পোত গৈ থকা চৰকাৰখনে প্ৰতিদিনেই সৃষ্টি কৰি গৈছে হিতাধিকাৰী। ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰখনে কেনেকৈ ধাৰ মাৰিব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫শতাংশ নম্বৰ পালেই ছাত্ৰই পাব বাইক...
স্কুটি-বাইকৰ পৰা বিশ্ববিদ্যালয়ত আসন সংৰক্ষণলৈঃ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in