নতুন শিক্ষা নীতিৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা...

নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ মেট্রিক পৰীক্ষা। ৪টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে SEBAয়ে।

author-image
Asomiya Pratidin
New Update
নতুন শিক্ষা নীতিৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা...

ডিজিটেল ডেস্ক: নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ মেট্রিক পৰীক্ষা। ৪টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে SEBAয়ে। এই বিষয়কেইটা গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান।

Advertisment

উক্ত বিষয় কেইটাত থাকিব দুখন উত্তৰ বহী। প্রথমখন হ’ব ৮ পৃষ্ঠাৰ, থাকিব বস্তুনিষ্ঠ আৰ্হিৰ প্রশ্ন। দ্বিতীয়খন হ’ব ১৬ পৃষ্ঠাৰ, বৰ্ণনাত্মক আৰ্হিৰ হ’ব।

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব প্রায় ৪.২৩ লাখ পৰীক্ষাৰ্থী।ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৬২,০০০ পৰীক্ষাৰ্থী।

৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব পৰীক্ষা। ১২ ফেব্রুৱাৰীৰ ভিতৰত পৰীক্ষা কেন্দ্রলৈ প্রেৰণ কৰা হ’ব এডমিট কাৰ্ড। তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীয়ে সংগ্ৰহ কৰিব পাৰিব এডমিট কাৰ্জ। ৰাজ্যৰ ৯১২ টা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

আৰু পঢ়ক: ৰাজ্য প্ৰশাসনত ব্যাপক ৰদ-বদল, কোনে, ক'ত পালে নিযুক্তি?

hslc seba