ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

ক্ৰমাৎ অধিক বেয়া হৈ গৈ আছে দিল্লীৰ বায়ু। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

Air Quality Index

ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক বেয়া হৈ গৈ আছে দিল্লীৰ বায়ু। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বায়ু গুণমান সূচক (একিউআই) সম্পূৰ্ণৰূপে বেয়াৰফালে ঢাল খাইছে। বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে।

Advertisment

দিল্লীৰ বহুতো অঞ্চলত একিউআই ৪০০ ৰ ওপৰ পাছেগৈ। দেশৰ ২২১ খন চহৰৰ ভিতৰত দিল্লী ষষ্ঠ স্থানত আছিল। সোমবাৰে দিল্লীৰ বায়ু অতি বেয়া আছিল। মঙলবাৰে দিল্লীৰ বায়ু সামগ্ৰিকভাৱে অতি দুৰ্বল শ্ৰেণীত আছিল। নয়ডাতো একেই অৱস্থা। এই সপ্তাহটো দিল্লীৰ বায়ু এনেদৰে থকাৰ সম্ভাৱণা আছে।

দিপাৱলীৰ আগতে দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। বিভিন্ন কাৰকৰ বাবে বায়ু প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দিপাৱলীৰ সময়ত এই প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱণা আছে যাৰ প্ৰভাৱ সাধাৰণলোকৰ ওপৰত পৰিব।

ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত উত্তৰ বিচাৰিছে। দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত বৃদ্ধি হোৱা বায়ু প্ৰদূষণৰ কাৰণ বিচাৰিছে ন্যায়ালয়ে।

উল্লেখ্য যে, ০ ৰ পৰা ৫০ লৈ থাকিলে একিউই ভাল, ৫০-১০০ লৈ সন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ ৰ পৰা বেয়া, ৩০১-৪০০ ৰ পৰা অতি বেয়া, ৪০১- ৪০০ অতি গুৰুতৰ বুলি ধৰা হয়।

Also Read: কাজিৰঙা অধ্যয়ন চক্ৰৰে বৈঠক বোকাখাতৰ মহকুমাধিপতিৰ

delhi Air Quality Index