কাজিৰঙা অধ্যয়ন চক্ৰৰে বৈঠক বোকাখাতৰ মহকুমাধিপতিৰ

 কাজিৰঙা অধ্যয়ন চক্ৰৰে বৈঠক বোকাখাতৰ মহকুমাধিপতিৰ

ডিজিটেল সংবাদ, বোকাখাতঃ কদৰ্যময় কাজিৰঙাক এখন সৰ্বাংগসুন্দৰ কাজিৰঙা হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে মঙলবাৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰতিনিধিৰ স’তে আলোচনাত মিলিত হয় বোকাখাত উপ-জিলাৰ আয়ুক্ত তথা মহকুমাধিপতি চিমি কৰণ ৷ বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকি কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে, দেশী-বিদেশী পৰ্যটকৰ ৰম্যভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যোৱা ১৫ অক্টোবৰৰ পৰা মুকলি হোৱাৰ লগে লগে পৰ্যটনথলীখনিলৈ পৰ্যটকৰ সোঁত ববলৈ ধৰিছে৷ মাত্ৰ ১৫ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণ কৰিছে ১৬ হাজাৰ পৰ্যটকে৷

যিহেতু পৰ্যটকসকলৰ অধিকাংশ প্ৰথমতে কাজিৰঙাৰ কহঁৰা চাৰিআলিলৈ আহে, তেনেস্থলত কহঁৰা চাৰিআলিখন পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত বাঞ্ছনীয় ৷ ধ্ৰুৱজ্যোতি সাহাই কয় যে অসম পৰ্যটনৰ কাজিৰঙাত থকা বিভাগটোৰ পৰ্যটন উত্তৰণ সম্বন্ধীয় চকুত লগা কোনো কাম কৰা নাই৷

আউটডেটেড কিছুমান মানুহক চৰকাৰে দৰমহা দি কাজিৰঙা পৰ্যটনত ৰাখি থোৱাৰ বাবেই চৰকাৰী পৃষ্ঠপোষকতাত কাজিৰঙা পৰ্যটনৰ উত্তৰণ হোৱা নাই৷ আনহাতে, কাজিৰঙা পৰ্যটনটি বনবিভাগ কেন্দ্ৰিক যদিও কাজিৰঙা বনবিভাগে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন বিষয়ত জড়িত থকাৰ বিপৰীতে কহঁৰাৰ পৰিষ্কাৰ-পৰিচ্ছনতা সম্বন্ধীয় বিষয়বোৰৰ পৰা বহু নিলগত৷

আনহাতে, প্ৰশাসনৰ দায়িত্ব আছে যদিও এখন সুস্থ কাজিৰঙা উপহাৰ দিবলৈ প্ৰশাসনৰ যেন সাংঘাতিক কোনো গুৰুত্ব নাই ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ হৈ পুষ্কৰ কুৰ্মী, ডেইজী সন্দিকৈ, মৃণ্ময় শইকীয়া আৰু বনশ্ৰী দাস উপস্থিত থকা আলোচনাত সংগঠনটোৰ অধ্যক্ষ সাহাই কয়, শেহতীয়াকৈ কাজিৰঙা অধ্যয়ন চক্ৰই কাজিৰঙাৰ প্ৰৱেশদ্বাৰ কুঠৰী তিনিআলিত চাফাই কৰি অঞ্চলটোৰ লোকসকলক অন্ততঃ কুঠৰী তিনিআলি এলেকা প্ৰতিদিনেই পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছিল৷

আনহাতে, এইক্ষেত্ৰত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলি, প্ৰাক্তন সভাপতি জামিনা খাতুন, কৃষক মুক্তিৰ বিষয়-ববীয়া প্ৰদীপ মহন্ত, সমাজকৰ্মী প্ৰবীণ বৰা, প্ৰবীণ নাথ, চৰকাৰী গাঁওবুঢ়া হেমন্ত বৰা, স্থানীয় ৰচিদ আলি, ধীৰেণ বৰুৱা, আশাকৰ্মী আবিদা বেগম, অংগণবাড়ী কৰ্মী মণিকা বৰুৱা, ৰেণু গগৈ আদিকে ধৰি বহুকেইগৰাকী লোকৰ স’তে কুঠৰী এলেকাটো কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি সেই সম্বন্ধে আলোচনা কৰিছিল ৷

আশ্চৰ্যজনকভাৱে সচেতন ৰাইজৰ আহ্বানক সন্মান জনাই কুঠৰীৰ ব্যৱসায়ীসকলে সামগ্ৰিক এলেকাটো পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷ কিন্তু, বোকাখাত মহকুমাত কিয় তেনেকুৱা একো হৈ উঠা নাই বুলি প্ৰশ্ন কৰি অচিৰেই কাজিৰঙাৰ কহঁৰা সৰ্বাংগসুন্দৰ কৰিবলৈ সংগঠনটোৱে মহকুমাধিপতিক আহ্বান জনায়৷ তদুপৰি, কাজিৰঙা অধ্যয়ন চক্ৰৰ Keep Kaziranga CLEEN and GREEN কাৰ্যসূচীত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ তৰফৰ পৰা ৷

ইপিনে, বোকাখাতৰ মহকুমাধিপতি চিমি কৰণে সামগ্ৰিক বিষয় সন্দৰ্ভত বিভিন্নজনৰ স’তে আলোচনা কৰি নুমলীগড়ৰ চি এছ আৰ পুঁজিৰ সহায়ত অচিৰেই কাম আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ তেখেতে লগতে কাজিৰঙা অধ্যয়ন চক্ৰই বিগত সময়ত কৰা বিভিন্ন কৰ্মসূচী সম্বন্ধে প্ৰশংসা কৰাৰ লগতে আগন্তুক কাজিৰঙা আৰু বোকাখাতৰ বিভিন্ন পৰিকল্পনা সন্দৰ্ভত কাজিৰঙা অধ্যয়ন চক্ৰৰ সহযোগিতা কামনা কৰে৷ ইপিনে, কদৰ্যময় কাজিৰঙা সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াই কৰা টুইটক গুৰুত্ব সহকাৰে লৈ অচিৰেই কাৰ্যপন্থা লোৱাৰ পৰিকল্পনা সম্বন্ধেও আজিৰ আলোচনাত মহকুমাধিপতি চিমি কৰণে উল্লেখ কৰে৷

 কাজিৰঙা অধ্যয়ন চক্ৰৰে বৈঠক বোকাখাতৰ মহকুমাধিপতিৰ
মুকালমুৱাৰ নাৰায়ণপুৰত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শিলান্যাস

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in