অচিনাক্ত নৱজাতক সমাধিস্থ কৰাৰ খবৰক লৈ বিশ্বনাথত চাঞ্চল্য

অচিনাক্ত নৱজাতক সমাধিস্থ কৰাৰ খবৰক লৈ বিশ্বনাথত চাঞ্চল্য

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ মৰলগাঁৱত এটি নৱজাতক সমাধিস্থ কৰাৰ খবৰে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণ অনুসৰি, মৰলগাঁৱৰ বুঢ়ীগাং নৈৰ বালিচৰত শনিবাৰে নিশা কোনো দুৰ্বৃত্তই সদ্য নৱজাতকক হত্যা কৰি পুতি থোৱাৰ এক খবৰ অঞ্চলটোত বিয়পি পৰে। এই খবৰৰ ভিত্তিতেই সন্দীহান ৰাইজে বিশ্বনাথ আৰক্ষীক খবৰ দিয়ে।

খবৰ পোৱাৰ মাত্ৰকে বিশ্বনাথ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশক খবৰ দিয়ে। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত বালিচৰত ৰাইজে নৱজাতকক সমাধিস্থ কৰা বুলি সন্দেহ কৰা ঠাইখিনিত খন্দা হয়। খন্দাৰ পিছত উক্ত স্থানত এটা মৃতদেহ উদ্ধাৰ কৰা হয়। কিন্তু উদ্ধাৰ কৰা মৃতদেহটো কোনো নৱজাতকৰ নহয়, এটা কুকুৰৰহে।

ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পিছত দণ্ডাধীশগৰাকীয়ে এনে ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ স্থানীয় ৰাইজক অনুৰোধ কৰে। বিগত সময়তো বিশ্বনাথ আৰক্ষী এনে ঘটনাৰ বাবে সন্মুখীন হোৱা বুলি দণ্ডাধীশগৰাকীয়ে জনায়।

অচিনাক্ত নৱজাতক সমাধিস্থ কৰাৰ খবৰক লৈ বিশ্বনাথত চাঞ্চল্য
মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in