এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...

এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...
এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...

ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজনেছ ক্লাছত যাত্ৰা কৰা এজন যাত্ৰীৰ যাত্ৰা কৰাৰ অভিজ্ঞতা বৰ সুখকৰ নহ'ল। মহাবীৰ জৈন নামৰ যাত্ৰীজনে এয়াৰ ইণ্ডিয়াৰ এ আই ৬৭১ নম্বৰৰ বিমানখনে যাত্ৰা কৰিছিল মুম্বাইৰ পৰা চেন্নাইলৈ।

তেওঁৰ আসন নম্বৰ আছিল ২ চি। জৈনে বিজনেছ ক্লাছত ভ্ৰমণ কৰাৰ সূত্ৰে খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য সা-সুবিধা সঠিক ভাৱে লাভ কৰিব বুলি ভাবিছিল যদিও বিমান কৰ্মীয়ে যোগান ধৰা আহাৰত ওলাল পতংগ।

ইয়াৰ পাছত তেওঁ সেই ভিডিঅ' টুইটাৰত আপলোড কৰি লিখিলে খাদ্যত পতংগ পোৱাৰ কথা। ইয়াৰ লগে লগেই বিষয়টো দৃষ্টিগোচৰ হয় এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ। জৈনক এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিলে খাদ্যৰ পৰিস্কাৰ-পৰিচন্নতাৰ ক্ষেত্ৰত তেওঁলোক ইয়াতকৈ অধিক কঠোৰ হ'ব।

টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই জৈনলৈ লিখিলে - ''মৰমৰ মিষ্টাৰ জৈন, আমাৰ বিমানত যাত্ৰা কৰাৰ আপোনাৰ অভিজ্ঞতাৰ বাবে আমি দুখিতঃ । এয়া অতি বেয়া কথা হৈছে। আমি পৰিস্কাৰ, পৰিচন্নতাৰ বাবে প্ৰতিটো খোজতে সাৱধানে আগবাঢ়ো। এই ঘটনাৰ বাবে আমাৰ কেটাৰিং টীমক সোধপোছ কৰাৰ লগতে এই বিষয়টো পৰ্যালোচনা কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিলো।

এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...
একেখন বাহনে বোকাখাতত সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনাঃ ২ বছৰীয়া শিশুৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in