একেখন বাহনে বোকাখাতত সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনাঃ ২ বছৰীয়া শিশুৰ মৃত্যু...
একেখন বাহনে বোকাখাতত সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনাঃ ২ বছৰীয়া শিশুৰ মৃত্যু...

একেখন বাহনে বোকাখাতত সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনাঃ ২ বছৰীয়া শিশুৰ মৃত্যু...

ডিজিটেল সংবাদ বোকাখাতঃ পুনৰ অক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বোকাখাতত। একেখন বাহনেই দুটাকৈ স্থানত সংঘটিত কৰিলে দুৰ্ঘটনা। ফলত মৃত্যু হৈছে এটি দুবছৰীয়া কণমানি।

জানিব পৰা মতে এখন হুণ্ডাই কোম্পানীৰ চাৰ চকিয়া বাহনে বোকাখাতৰ লখৌজানত প্ৰথমে দুজন ব্যক্তিৰ খুন্দা মাৰে। তাৰ পৰা পলাই আহি লতাবাৰীত আন এটি কণমানিক খুন্দিয়াই।

ফলত থিতাতে মৃত্যু হয় আলিচা বেগম নামৰ ২ বছৰীয়া কণমানিটোৰ। লতাবাৰীত সংঘটিত কৰা দুৰ্ঘটনাত ২বছৰীয়া আলিচাৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আলিচাৰ মাতৃ তচলিমা বেগম (২৫)।

আনহাতে লখৌজানত সংঘটিত কৰা দুৰ্ঘটনাত চালক আতিকুৰ ৰহমান (২০), পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল নামৰ ব্যক্তি কেইগৰাকী। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 01 BS 6888।

একেখন বাহনে বোকাখাতত সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনাঃ ২ বছৰীয়া শিশুৰ মৃত্যু...
আমি যুদ্ধ সমৰ্থন নকৰো, কিন্তু কিয় ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in