আৰক্ষীক কৰ্তব্যত বাধাঃ AIMIM ৰ নেতা আকবৰুদ্দিন ওৱেইছিৰ বিৰুদ্ধে গোচৰ ৰুজু, চাওঁক ভিডিঅ'...

আৰক্ষীক কৰ্তব্যত বাধাঃ AIMIM ৰ নেতা আকবৰুদ্দিন ওৱেইছিৰ বিৰুদ্ধে গোচৰ ৰুজু, চাওঁক ভিডিঅ'...
আৰক্ষীক কৰ্তব্যত বাধাঃ AIMIM ৰ নেতা আকবৰুদ্দিন ওৱেইছিৰ বিৰুদ্ধে গোচৰ ৰুজু, চাওঁক ভিডিঅ'...

ডিজিটেল ডেস্কঃ কৰ্তব্যৰত আৰক্ষী বিষয়াক ধমক দি আৰক্ষীৰ ৰোষত পৰিল তেলেংগানাৰ ৰাজনৈতিক নেতা আকবৰুদ্দিন ওৱেইছ। মঙ্গলবাৰে এক নিৰ্বাচনী সভা সম্বোধন কৰাৰ সময়ত AIMIMৰ নেতাগৰাকীয়ে এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক ৰাজহুৱাকৈ ধমক দিছিল। যি দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে, মঙ্গলবাৰে হায়দৰাবাদৰ ললিতাবাঘত এক নিৰ্বাচনী সভা সম্বোধন কৰিছিল আকবৰুদ্দিন ওৱেইছিয়। নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকাৰ মাজতে এগৰাকী আৰক্ষী বিষয়াই বিধি অনুসৰি নিৰ্ধাৰিত সময়ত তেওঁক ভাষণ সামৰি সভা ভংগ কৰিবলৈ কয়।

ইয়াতে খৰ্গহস্ত হৈ ওৱেইছিয়ে আৰক্ষী বিষয়াগৰাকীক ৰাজহুৱাকৈ গালি-গালাজ পাৰি ধমক দিয়াৰ লগতে কোনেও তেওঁক ভাষণ দিয়াত বাধা দিব নোৱাৰে বুলিও ঘোষণা কৰে।

এই সমগ্ৰ ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সন্তোষ নগৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে কৰ্তব্যৰত চৰকাৰী বিষয়াক দায়িত্ব পালনত বাধা দিয়াৰ বাবে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৫৩ অনুসৰি ৰুজু কৰা হৈছে এই গোচৰ।

আৰক্ষীক কৰ্তব্যত বাধাঃ AIMIM ৰ নেতা আকবৰুদ্দিন ওৱেইছিৰ বিৰুদ্ধে গোচৰ ৰুজু, চাওঁক ভিডিঅ'...
সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত হ'ব ৰামায়ণ, মহাভাৰত ! ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে পৰিস্থিতি গৰম কৰাৰ লক্ষ্য !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in