সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত হ'ব ৰামায়ণ, মহাভাৰত ! ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে পৰিস্থিতি গৰম কৰাৰ লক্ষ্য !

সমাজবিজ্ঞানত অন্তৰ্ভুক্ত হ'ব ৰামায়ণ, মহাভাৰত ! ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে পৰিস্থিতি গৰম কৰাৰ লক্ষ্য !
সমাজবিজ্ঞানত অন্তৰ্ভুক্ত হ'ব ৰামায়ণ, মহাভাৰত ! ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে পৰিস্থিতি গৰম কৰাৰ লক্ষ্য !

ডিজিটেল ডেস্কঃ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব ৰামায়ণ আৰু মহাভাৰত। ইয়াকে লৈ দেশজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। নেচনেল কাউন্সিল অফ এড্যুকেশ্যন ৰিছাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ এন চি ই আৰ টিয়ে এই সন্দৰ্ভত দাখিল কৰিছে প্ৰতিবেদন।

উল্লেখ্য যে, বিদ্যালয় পৰ্যায়ত সমাজবিজ্ঞানৰ পাঠ্যক্ৰম সংশোধন কৰাৰ লক্ষ্যৰে এক উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছিল এন চি ই আৰ টিয়ে। সেই কমিটীৰ প্ৰধান তথা ইতিহাসৰ প্ৰাক্তন অধ্যাপক চি আই আইজাকে ৰামায়ণ আৰু মহাভাৰত সমাজবিজ্ঞানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণৰ সন্দৰ্ভত কয়, সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত পঢ়ুৱাৰ পৰামৰ্শ দিছে এই কমিটীয়ে। ইয়াৰ ফলত সৰুৰে পৰা শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম, আত্মসন্মান আৰু গৌৰৱবোধ জাগ্ৰত হ'ব। এনে হ’লে ভৱিষ্যতে বিদেশলৈ যোৱাৰ প্ৰৱণতা হ্ৰাস পাব।

মন কৰিবলগীয়া যে, দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত এতিয়াও অৱশ্যে ৰামায়ণ, মহাভাৰত পঢ়ুওৱা হয়। আইজাক প্ৰশ্ন কৰি কয়, "মহাকাব্যবোৰক কিয় পৌৰাণিক কাহিনী হিচাপে শিকোৱা হয়? যদি শিক্ষাৰ্থীসকলে এনে মহাকাব্যৰ পৰা একো শিকিব নোৱাৰে, তেন্তে সেই শিক্ষা ব্যৱস্থা অৰ্থহীন।তেওঁ প্ৰাচীন ইতিহাসৰ নাম ক্লাছিকেল বা ধ্ৰুপদীলৈ সলনি কৰাৰ পৰামৰ্শ দিছে।

এন চি ই আৰ টিৰ এই পৰামৰ্শক আদৰণি জনাইছে বিজেপি নেতাসকলে। বেংগল বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে কয়, "ৰামায়ণ-মহাভাৰত হৈছে বিশ্বৰ আটাইতকৈ পুৰণি মহাকাব্যসমূহৰ ভিতৰত অন্যতম। ই এই দেশৰ প্ৰাচীন ঐতিহ্যৰ কথা কয়। পূৰ্বে কংগ্ৰেছৰ শাসনকালত ইতিহাসক প্ৰায় ইছলামীকৰণ কৰা হৈছিল। ইয়াক সংশোধন কৰা হৈছে।

আনহাতে, তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলী ঘোষ দস্তিদাৰে ধৰ্মক শিক্ষা ব্যৱস্থালৈ টানি নিয়াৰ বাবে চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, "পূৰ্বেও বিজেপিৰ শাসনকালত শিক্ষা প্ৰতিষ্ঠানক গেৰুৱাকৰণ কৰাৰ চেষ্টা কৰা হৈছিল। এই চৰকাৰে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মানুহে সকলো পৰিৱৰ্তন ভাল নাপায়।''

সমাজবিজ্ঞান হিচাপে ৰামায়ণ আৰু মহাভাৰত শিক্ষাৰ্থীক পঢ়ুওৱাৰ ধাৰণাৰ বিৰুদ্ধে মুখ খুলিছে জে এন ইউৰ ইতিহাসৰ প্ৰাক্তন অধ্যাপক তনিকা সৰকাৰে। তেওঁ কয়, এই দুই মহাকাব্য অৱশ্যে দেশৰ সংস্কৃতিৰ অংশ। কিন্তু মূলতঃ এইসমূহ ব্ৰাহ্মণ্য ধৰ্মগ্ৰন্থ। এই ধৰ্মগ্ৰন্থসমূহক পৌৰাণিক কাহিনী বুলি গণ্য কৰা হয়। সেইবোৰক সমাজবিজ্ঞানৰ আওতালৈ অনা ভাল হ'বনে? সমাজবিজ্ঞান তথ্যমূলক। মহাকাব্যত বৰ্ণনা কৰা ঘটনাবোৰ তথ্যৰ দ্বাৰা প্ৰমাণিত কৰিব নোৱাৰি। যদি আপোনালোকে এই গ্ৰন্থবোৰ অধ্যয়ন কৰোৱাব বিচাৰে তেন্তে ধৰ্মীয় অধ্যয়নৰ দৰে এক পাঠ্যক্ৰম ৰাখিলেই হয়। য'ত ৰামায়ণ, মহাভাৰতৰ দৰে আন ধৰ্মৰ গ্ৰন্থও পঢ়ুওৱা হ'ব।  

এই বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে এন চি ই আৰ টিয়েও। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি আগষ্টত যি প্ৰাথমিক ৰিপ'ৰ্ট তৈয়াৰ কৰা হৈছে, তাত ৰামায়ণ, মহাভাৰতক সমাজবিজ্ঞানৰ অন্তৰ্ভুক্ত কৰাৰ কোনো উল্লেখ নাই। যদি এয়াই সত্য তেন্তে কমিটীৰ অধ্যক্ষ আইজাকে তেনে মন্তব্য কৰিলে কিয়?  

বিৰোধীৰ মতে ৰাম মন্দিৰ নিৰ্মাণৰ দিন সমাগত। তাৰ পূৰ্বে পৰিস্থিতি উত্তপ্ত কৰাৰ লক্ষ্য গেৰুওৱা শিবিৰৰ। মহাকাব্য অধ্যয়ন কৰিলে বিদেশলৈ যাত্ৰা কৰাটো বন্ধ হ'ব বুলি কৰা মন্তব্যত বিৰোধীয়ে কয়, অধিকাংশ শিক্ষাৰ্থীয়ে ভাল গৱেষণা কৰাৰ লক্ষ্যৰে বিদেশলৈ যায়। দেশত উন্নত শিক্ষাৰ পৰিকাঠানো তৈয়াৰ হ'লেই বিদেশ যাত্ৰা হ্ৰাস হ'ব। মহাকাব্য পঢ়ুওৱাৰ পৰিৱৰ্তে চৰকাৰে সেই দিশত মন দিয়া উচিত।

সমাজবিজ্ঞানত অন্তৰ্ভুক্ত হ'ব ৰামায়ণ, মহাভাৰত ! ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে পৰিস্থিতি গৰম কৰাৰ লক্ষ্য !
বিত্তীয় কেলেংকাৰীৰে নাম সাঙোৰ খোৱা সচিবক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in