কোন বহিব কৰ্ণাটকৰ ৰাজসিংহাসনত ? আজি নিৰ্ণয় হ'ব মুখ্যমন্ত্ৰীৰ নাম

কোন বহিব কৰ্ণাটকৰ ৰাজসিংহাসনত ? আজি নিৰ্ণয় হ'ব মুখ্যমন্ত্ৰীৰ নাম

ডিজিটেল ডেস্ক : অৱশেষত কংগ্ৰেছৰ হাতলৈ কৰ্ণাটক । ৰাজনীতিৰ সকলো পন্থা অৱলম্বন কৰিও পৰাস্ত ভাৰতীয় জনতা পাৰ্টী । পিছে নিৰ্বাচনত জয়ী হ'লেও চিন্তাই শাম কটা নাই কংগ্ৰেছৰ । কিয়নো এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ'ব সেই সিদ্ধান্তই ল'ব পৰা নাই কংগ্ৰেছে । যাৰ ফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পাছতো চিন্তিত দলৰ শীৰ্ষৰ নেতাসকল ।

অৱশ্যে এক বিশেষ সূত্ৰই জনোৱা অনুসৰি, আগন্তুক সপ্তাহতেই মুখ্যমন্ত্ৰী তথা চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ পক্ষত কংগ্ৰেছ । কিয়নো সময় যোৱাৰ সৈতেই বৃদ্ধি পাব দলীয় অসন্তুষ্টি-বিসম্বাদ । তাৰ পূৰ্বেই যেন এই লেথা শেষ কৰিব বিচাৰিছে কংগ্ৰেছে ।

পিছে কোন হ'ব মুখ্যমন্ত্ৰী ? অভিজ্ঞ প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া নে প্ৰভাৱশালী নেতা ডি কে শিৱকুমাৰ ? সেই দায়িত্ব সমৰ্পন কৰা হ'ল দলীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক । মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত এটি দলে আজি ঘোষণা কৰিব কৰ্ণাটকৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ নাম ।

আনহাতে, এই ক্ষেত্ৰত কংগ্ৰেছৰ কৰ্ণাটকৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰে দিয়া এক মন্তব্যই এতিয়া বৃহৎ তাৎপৰ্য বহন কৰিছে । নেতাগৰ‍াকীৰ মতে, পূৰ্বে তেওঁ ছিদ্দাৰামায়ালৈ সমৰ্থন আগবঢ়াইছিল আৰু এইবাৰ ছিদ্দাৰামায়াই তেওঁলৈ সমৰ্থন আগবঢ়াব বুলি আশাবাদী । অৰ্থাৎ কোনোখিনিত যেন শিৱকুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ বেছি । এতিয়া অপেক্ষা মাথো সিদ্ধান্তলৈ আৰু এই সিদ্ধান্তই ভৱিষ্যতে লৈ আনিবলগীয়া আনুসংগিক বাদ-বিবাদলৈ ।

কোন বহিব কৰ্ণাটকৰ ৰাজসিংহাসনত ? আজি নিৰ্ণয় হ'ব মুখ্যমন্ত্ৰীৰ নাম
বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহিল ৮৬ হাজাৰ টকা, পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা এজনৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in