বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহিল ৮৬ হাজাৰ টকা, পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা এজনৰ

বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহিল ৮৬ হাজাৰ টকা, পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা এজনৰ

ডিজিটেল ডেস্ক : ৰাজ্যত শক্তি বিতৰণ কেন্দ্ৰৰ চৰম বিসংগতিয়ে অৱশেষত প্ৰাণ কাঢ়িলে এজনৰ । পূৰ্বে মাছুলৰ তুলনাত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বিলসমূহে যি সময়ত জনসাধাৰণক নগুৰ-নাকটি কৰি আহিছে সেই সময়তেই কিন্তু অৰৱিন্দ কেজৰিৱালৰ ৰাজ্য দিল্লীত প্ৰতিটো ঘৰে বিনামূলীয়া বিজুলিসেৱা পৰ্যন্ত লাভ কৰিছে । বহু কেইখন খৰস্ৰোতা নদী আশীৰ্বাদস্বৰূপে লাভ কৰিও কামত লগাবলৈ নোৱাৰিলে অসমে, বৰং বৰ্তমানো অইন ৰাজ্য যেনে মেঘালয়ৰ পৰা ক্ৰয় কৰিব লগীয়া হয় বৈদ্যুতিক শক্তি ।

এনে ধৰণৰ চৰম বিসংগতিৰ বাবেই চাবুৱাত সংঘটিত হ'ল আত্মহননৰ দৰে ঘটনা । চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত নিজ চাবুৱা কুমাৰ গাঁৱত এজন লোকে বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহননৰ দৰে চৰম পন্থা বাছি ল'লে । পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি নৰেশ গোৱালা নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় প্ৰথমৰে পৰাই বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহিছিল । সংশ্লিষ্ট কৰ্তৃপক্ষক এই সম্পৰ্কে পৰিয়ালৰ তৰফৰ পৰা অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছে ।

প্ৰায় দুটা বছৰ আগতে এই বাসগৃহটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি থৈ গৈছিল বিদ্যুৎ বিভাগে, তাৰ পিচতেই হঠাৎ এসপ্তাহমান পূৰ্বে ৰাষ্ট্ৰীয় লোক আদালতৰ পৰা প্ৰায় ৮৬ হাজাৰ টকাৰ বিলসহ আদালতত হাজিৰ হ'বলৈ অহা জাননী পাই একপ্ৰকাৰ হতভম্ব হৈ পৰে আৰু মানসিক চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছে বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে । তিনিটাকৈ সন্তানৰ পিতৃ গোৱালাৰ এনে চৰম পন্থা অৱলম্বনৰ পাছত ঘৰখনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহিল ৮৬ হাজাৰ টকা, পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা এজনৰ
কলিয়াবৰত ভুৱা ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাত মৃত্যু ৰোগীৰ, পলাতক ফাৰ্মাচিষ্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in