/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ ফিল’বাৰী কৃষ্ণপুৰত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাক মৰিয়াই মৰিয়াই হত্যা দুৰ্বৃত্তৰ। দেওবাৰে পোহৰলৈ আহে এই ঘটনা।
মৃত মহিলাগৰাকীৰ নাম সুনীয়া ভূমিজ বুলি জানিব পৰা গৈছে।এখন ব্যক্তিগত চাহ বাগিচাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো। মহিলাগৰাকীৰ স্বামীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
শনিবাৰৰ নিশাৰ পৰা পলাতক অৱস্থাত স্বামী বিজু ভূমিজ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।