ওড়িশাত পুনৰ ৰে'ল দুৰ্ঘটনা...

ওড়িশাত পুনৰ ৰে'ল দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
ওড়িশাত পুনৰ ৰে'ল দুৰ্ঘটনা...

ওড়িশাত পুনৰ ৰে'ল দুৰ্ঘটনা...

ডিজিটেল ডেস্কঃ তিনিখনকৈ ৰে'লৰ সংঘৰ্ষৰ ফলত ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ভয়াৱহ পৰিস্থিতিৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই ভাৰতীয় ৰে'লৱে। ২৮৮ জনকৈ লোকৰ মৃত্যু, ১০০০ তকৈ অধিক লোক আহত হোৱাৰ সেই বিভৎস্য সময়ৰ দৃশ্যবোৰ সকলোৰে মানসপটতত জিলিকি থকাৰ সময়তে আন এক ৰে'ল দুৰ্ঘটনা সংঘটিত হ'ল একেখন ৰাজ্যতে।

Advertisment

ওড়িশাৰ বৰগড়ত পুনৰ এখন মালবাহী ৰে'লৰ ৫ টাকৈ ডবা বাগৰি পৰে। অৱশ্যে এই দুৰ্ঘটনা এক ব্যক্তিগত ট্ৰেকতহে সংঘটিত হৈছে। ভাৰতীয় ৰে'লৱেৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

এই ঘটনাত অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰো লাভ কাৰ নাই। জানিব পৰা মতে ঘটনাস্থলীত উপস্থিত হৈছেগৈ স্থানীয় আৰক্ষী।

উল্লেখ্য যে ডুংৰি চুন শিলৰ খনি আৰু বৰগড়ৰ এ চি চি চিমেণ্ট প্ৰকল্পৰ মাজত নেৰোগজ ৰেল লাইন আছে। ইয়াত ৰে'ল লাইন, লোকো সকলো ব্যক্তিগত। এই ৰে'ল লাইন অথবা ৰে'ল ব্যৱস্থাৰ সৈতে ভাৰতীয় ৰে'ল কোনো ধৰণৰে জড়িত নহয়। ইয়াতেই আজি পুৱতি নিশা এখন ৰে'লৰ ৫টাকৈ ডবা বাগৰি পৰে।

Also Read: অৰুণাচলী দুৰ্বৃত্তৰ গুলীত ২ অসমীয়া নিহতঃ ২ জন আহত...

ৰে'ল দুৰ্ঘটনা