/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
অৰুণাচলী দুৰ্বৃত্তৰ গুলীত ২ অসমীয়া নিহতঃ ২ জন আহত...
ডিজিটেল ডেস্কঃ যিসময়ত চুবুৰীয়া অৰুণাচলৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ বিষয়ে আলোচনা অব্যাহত আছে সেই সময়তে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত দুজনকৈ অসমীয়া নিহত হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰাৰম্ভিক খবৰ অনুসৰি অসম-অৰুণাচল সীমান্তৰ ধেমাজিৰ পাণবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত নিহত হৈছে দুজনকৈ লোক।
নিহত লোক দুজনৰ নাম বগা চুতীয়া আৰু মণ্টু গগৈ। আনহাতে গুৰুতৰ ভাৱে আহত হৈছে আন দুজন লোক। আহত লোক দুজনৰ নাম পুষ্প গগৈ আৰু অকনি গোঁহাই।
ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, এয়া চুবুৰীয়া ৰাজ্যৰ আক্ৰমণ নহয়। এয়া মাটিৰ লোভত উক্ত অঞ্চলৰ লোকে কৰা আক্ৰমণৰ ঘটনাহে।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই তদন্তৰ পাছতহে উপযুক্ত ব্যৱস্থা লোৱা হ'ব। আনহাতে তেওঁ কয়, বৰ্তমানলৈকে অসম আৰু অৰুণাচলৰ সীমা নিৰ্ধাৰণ কৰিব পৰা নাই।
ইফালে স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই ঘটনাক টুইটাৰৰ জৰিয়তে গৰিহণা দিছে।ঘটনাস্থলীত ধেমাজি আৰক্ষী উপস্থিত হোৱাৰ কথাও জনাইছে।
উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে ইতিমধ্যে কেইবাটাও পৰ্যায়ত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে। দুয়ো ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা হৈছে সমিতি। তাৰ মাজতেই সংঘটিত হোৱা এই ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
I strongly condemn the act of violence at the Panbari area of the Asam-Arunachal border in Dhemaji, where one person named Boga Chutia of Borbila Chutiakari village of my constituency has been killed, and 3 persons - Monitu Gogoi, Puspa Gogoi and Akoni Gohain of Milonpur village…
— Ranoj Pegu (@ranojpeguassam) June 5, 2023