মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে শ্ৰম ভৱন...

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে শ্ৰম ভৱন...
মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে শ্ৰম ভৱন...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে নৱ নিৰ্মিত শ্ৰম ভৱন। গুৱাহাটীৰ উলুবাৰীত নতুনকৈ নিৰ্মাণ কৰা এই শ্ৰম ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও শ্ৰমবিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, পর্যটন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ কুইন ওজা, বিধায়ক তেৰছ গোৱালা, শ্রম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে।

এই নৱ নিৰ্মিত ভৱনত মুখ্যমন্ত্ৰীয়ে স্বয়ংক্ৰিয়ং পঞ্জীয়ন আৰু নৱীকৰণ ব্যৱস্থাৰো শুভাৰম্ভণি কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ই-কাৰ্যালয় ব্যৱস্থা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যালয়, সঞ্চালকালয়ৰ কাৰ্যালয় আৰু সচিবালয়ক কাগজবিহীন কাৰ্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে।

তেওঁ আজি উদ্বোধন কৰা শ্ৰম ভৱনত ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱাৰ সমান্তৰালকৈ জিলাৰ কাৰ্যালয়সমূহকো এই ব্যৱস্থাৰে সামৰি লোৱাৰ চেষ্টা চলাব বুলি মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ দিছপুৰস্থিত অসম সচিবালয় ৯৯ শতাংশ কাগজবিহীন কাৰ্যালয়লৈ ৰূপান্তৰ হৈছে বুলি উল্লেখ কৰে।

তেওঁ কয়, বিভাগীয় অনুসন্ধানৰ বাহিৰে সকলো কাম ডিজিটেল ব্যৱস্থাৰে কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে অনুষ্ঠানত তেওঁ শ্ৰমিকৰ সুৰক্ষাৰ বিষয়ে উল্লেখ কৰি শ্ৰমিকক সুৰক্ষা দিয়াৰ বাবে দেশত ২৪ খন আইন বলবৎ হৈ আছে বুলি মন্তব্য কৰে।

তেওঁ শ্ৰম আয়ুক্ত কাৰ্যালয়ে শ্ৰমিকৰ কল্যাণৰ বাবে কাম কৰাৰ লগতে উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ কাম-কাজৰ ক্ষেত্ৰতো যাতে কোনো জটিলতা আহিব নোৱাৰে সেই দিশতো লক্ষ্য ৰাখিব বুলি মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে শ্ৰম ভৱন...
প্ৰাপ্য লাভৰ দাবীৰে চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in