ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে সাংসদৰ সম্পত্তিঃADR ৰ প্ৰতিবেদনে চকু কপালত তুলিব আপোনাৰ...

ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে সাংসদৰ সম্পত্তিঃADR ৰ প্ৰতিবেদনে চকু কপালত তুলিব আপোনাৰ...

author-image
Asomiya Pratidin
New Update
ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে সাংসদৰ সম্পত্তিঃADR ৰ প্ৰতিবেদনে চকু কপালত তুলিব আপোনাৰ...

ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে সাংসদৰ সম্পত্তিঃADR ৰ প্ৰতিবেদনে চকু কপালত তুলিব আপোনাৰ...

ডিজিটেল ডেস্কঃ মাত্ৰ ১০ বছৰত বিজেপিৰ সাংসদৰ সম্পত্তি বৃদ্ধি পালে ৪২ শতাংশ। এই তথ্য প্ৰকাশ পাইছে এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

Advertisment

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ২০০৯ ৰ পৰা ২০১৯ চনৰ ভিতৰত লোকসভালৈ পুনৰ নিৰ্বাচিত হোৱা ৭১ জন সাংসদৰ সম্পত্তি গড়ে ২৮৬ শতাংশ বৃদ্ধি পাইছে। এই সাংসদসকলৰ ভিতৰত, বিজেপিৰ ৰমেশ চান্দাপ্পা জিগাজিনাগীৰ সম্পত্তি বৃদ্ধি হৈছে সৰ্বাধিক।

আনহাতে যি ১০ জন সাংসদৰ সম্পত্তি সৰ্বাধিক বৃদ্ধি পাইছে তেওঁলোকৰ ভিতৰত আছে শিৰোমণি অকালি দলৰ এজন, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ এজন, বিজু জনতা দলৰ এজন, এ আই ইউ ডি এফৰ এজন আৰু বিজেপিৰ ৬ জন সাংসদ।

প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ বিজাপুৰৰ বিজেপি সাংসদ জিগাজিনাগীৰ ২০০৯ চনত প্ৰায় ১.১৮ কোটি টকাৰ সম্পত্তি আছিল। যি ২০১৪ চনত ৮.৯৪ কোটি টকালৈ বৃদ্ধি হয় আৰু ২০১৯ চনত এই সম্পত্তিৰ পৰিমাণ ৪২ গুণ বৃদ্ধি হৈ ৫০.৪১ কোটি টকা হৈছেগৈ। এ ডি আৰে সংশ্লিষ্ট বছৰবোৰত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি নেতাই দাখিল কৰা শপতনামাৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে।

২০১৯ চনত একেৰাহে ষষ্ঠবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা জিগাজিনাগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ চৰকাৰত ২০১৬ ৰ জুলাইৰ পৰা ২০১৯ ৰ মে' মাহলৈ কেন্দ্ৰীয় খোৱা পানী আৰু অনাময় ৰাজ্যিক মন্ত্ৰী আছিল।

এ ডি আৰ-নেচনেল ইলেকশ্যন ৱাচৰ এই প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ আন এজন বিজেপি সাংসদ পিচি মোহন শীৰ্ষ ১০ জন সাংসদৰ তালিকাত দ্বিতীয় স্থানত আছে। যাৰ সম্পত্তি ২০০৯ চনত আছিল ৫.৩৭ কোটি টকাৰ। ২০১৯ ত তেওঁৰ এই সম্পত্তি বৃদ্ধি পাই ৭৫.৫৫ কোটি টকালৈ।

এই প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশৰ পিলিভিটৰ পৰা যোৱা লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা বিজেপি সাংসদ বৰুণ গান্ধীৰ সম্পত্তি ২০০৯ চনত আছিল ৪.৯২ কোটি টকা। যি ২০১৯ ত বৃদ্ধি হৈছে ৬০.৩২ কোটি টকালৈ।

শিৰোমণি অকালি দলৰ সাংসদ হৰচিম্ৰত কৌৰ বাদলৰ সম্পত্তি ২০০৯ চনত আছিল ৬০.৩১ কোটি টকাৰ। ২০১৯ ত যাৰ পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ২১৭.৯৯ কোটি টকালৈ। এই সময়ছোৱাত তেওঁৰ সম্পত্তি ২৬১ শতাংশ বৃদ্ধি পাইছে।

বাৰামতীৰ সাংসদ তথা জাতীয়তাবাদী কংগ্ৰেছ দলৰ সুপ্ৰিয়া সদানন্দ চুলেৰ সম্পত্তি ২০০৯ চনত আছিল ৫১.৫৩ কোটি টকাৰ। যি ২০১৯ ত হৈছেগৈ ১৪০.৮৮ কোটি টকা। তেওঁৰ সম্পত্তি ১০ বছৰত বৃদ্ধি হ'ল ১৭৩ শতাংশ ।

এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলৰ সম্পত্তি ২০০৯ ত আছিল ৩০ কোটি টকাৰ। ২০১৯ ত এই পৰিমাণ হৈছেগৈ ৭৮ কোটি। অৱশ্যে এয়া নিৰ্বাচন আয়োগত দাখিল কৰা সম্পত্তিৰ হিচাপহে।

প্ৰতিবেদনত কোৱা হৈছে যে নিৰ্দলীয় সহ দেশৰ মুঠ ৭১ জন সাংসদৰ গড় সম্পত্তি আছিল ২০০৯ চনত ৬.১৫ কোটি টকা। কিন্তু ২০১৯ চনত তেওঁলোকৰ সম্পত্তি বৃদ্ধি পাইছে ১৭.৫৯ কোটি টকালৈয।

Also Read: সাৰদা কেলেংকাৰীঃ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত...

সাংসদৰ সম্পত্তি বিজেপি সাংসদ