অধীৰ ৰঞ্জনৰ নিলম্বনঃ মোডীক সমালোচনাই হ'ল কাল !

অধীৰ ৰঞ্জনৰ নিলম্বনঃ মোডীক সমালোচনাই হ'ল কাল !

author-image
Asomiya Pratidin
New Update
অধীৰ ৰঞ্জনৰ নিলম্বনঃ মোডীক সমালোচনাই হ'ল কাল !

অধীৰ ৰঞ্জনৰ নিলম্বনঃ মোডীক সমালোচনাই হ'ল কাল !

ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক অধ্যক্ষ ওম বিৰলাই নিলম্বিত কৰিছে। বৃহ্স্পতিবাৰে অধ্যক্ষ ওম বিৰলাই অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত বিশেষাধিকাৰ ভংগৰ বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দি, যেতিয়ালৈকে তদন্তৰ প্ৰতিবেদন দাখিল নকৰে তেতিয়ালৈকে তেওঁ নিলম্বিত হৈ থাকিব লাগিব বুলি উল্লেখ কৰিছে।

Advertisment

অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বনৰ পাছতে শুকুৰবাৰে কংগ্ৰেছৰ সংসদীয় ব'ৰ্ডৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে এক জৰুৰী বৈঠক আহ্বান কৰিছে। অধীৰ ৰঞ্জন চৌধুৰীৰ প্ৰসংগত কৌশলগত  পদক্ষেপ গ্ৰহণ কৰিব এই বৈঠকতে।

উল্লেখ্য যে, শুকুৰবাৰেই সমাপ্ত হ’ব লোকসভাৰ বৰ্ষাকালীন অধিৱেশন। সেয়েহে শুকুৰবাৰেই যদি বিশেষাধিকাৰ ৰক্ষা কমিটীয়ে অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি প্ৰতিবেদন দাখিল নকৰে তেন্তে বিৰোধী দলপতিগৰাকী আগন্তুক শীতকালীন অধিৱেশন পৰ্যন্ত নিলম্বিত হৈ থাকিব লাগিব।

উল্লেখ্য যে, নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপিত কৰা আনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ মাজতে বুধ আৰু বৃহস্পতিবাৰে চৰ্চালৈ আহিছিল বিৰোধী নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন প্ৰসংগ উত্থাপন কৰি অধীৰ ৰঞ্জন চৌধুৰীক সমালোচনা কৰাৰ লগতে তীব্ৰ কটাক্ষ কৰিছিল।

বৃহস্পতিবাৰে আনাস্থা প্ৰস্তাৱৰ ভোট দিয়াৰ সময়তে অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে অসংসদীয় আচৰণৰ অভিযোগ উত্থাপন কৰি বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিছিল কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। বিৰোধী শূন্য লোকসভাত সেই প্ৰস্তাৱ গ্ৰহণ কৰি অধীৰ ৰঞ্জন চৌধুৰীক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই।

কিন্তু লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে বক্তব্য ৰখাৰ সময়ত মহাৰাষ্ট্ৰৰ বিধবা কলাবতী বান্দুৰকৰ সম্পৰ্কে অসত্য তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ মানিকম ঠাকুৰে বিশেষাধিকাৰৰ জাননী জমা দিলে যদিও লোকসভাৰ অধ্যক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। আনকি ওম বিৰলাই নিজেই অধীৰ ৰঞ্জন চৌধুৰী আৰু বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ খটিৰকৰ বিৰুদ্ধে অসংসদীয় আচৰণৰ কৰা বুলি উল্লেখ কৰিছিল।

কিন্তু ওম বিৰলাই বিজেপিৰ এইগৰাকী মন্ত্ৰীক ৰেহাই দিলে। অধীৰ ৰঞ্জন চৌধুৰীয়ে তেওঁক নিলম্বনৰ সিদ্ধান্তক 'সংখ্যাগৰিষ্ঠৰ মস্তানি' আখ্যা দিছে। তেওঁ কয়, কেৱল প্ৰহ্লাদ যোশী কিয়, বিজেপিৰ সকলো নেতা মিলি যদিও এটা শব্দ, এটা বাক্য মানুহৰ বিচাৰত ভুল প্ৰমাণ কৰিব পাৰে তেন্তে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম।

তেওঁৰ মতে তেওঁ কোনো অসংসদীয় শব্দ ব্যৱহাৰ কৰা নাই। ভাষাৰ অলংকাৰহে ব্যৱহাৰ কৰিছিল। তেওঁ কয়, মই কাকো অপমাণ কৰা নাই। তেওঁৰ দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চন্দ্ৰযান-৩ ৰ পৰা আৰম্ভ কৰি কুন্নুৰৰ চিতা বাঘ লৈকে সকলোৰে কথা ক’লে।

কিন্তু মণিপুৰ প্ৰসংগত নীৰৱ হৈ থাকিল। সেয়ে তেওঁনীৰৱ শব্দ আৰু অন্ধ ধৃতৰাষ্ট্ৰ উপমা ব্যৱহাৰ কৰিছিল।  তেওঁ কয়, মোডী আৰু শ্বাহে ইণ্ডিয়াক ভয় কৰিছে। তেওঁক বাৰে বাৰে সংসদত ভাষণ দিয়াত বাধা দিয়া হৈছে।

তেওঁ কয়, মোডীক আমাৰ সাংসদে সংসদত উপস্থিত হ'বলৈ বাধ্য কৰালে। সেয়া তেওঁলোকৰ সহ্য হোৱা নাই। কেৱল সেয়াই নহয়, উত্তৰ প্ৰদেশৰ এগৰাকী সাংসদে তেওঁক আক্ৰমণ কৰিবলৈও চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সেয়ে তেওঁ কয়, ক্ষমা বিচৰাৰ কোনো প্ৰশ্নই নাই। মোক ক্ষমা বিচাৰিবলৈ কোৱাৰ সাহস তেওঁলোকৰ নাই। বহৰমপুৰৰ ৫ বাৰৰ কংগ্ৰেছ সাংসদগৰাকীৰ সপক্ষে থিয় দিছে তৃণমূল কংগ্ৰেছো।

তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদে কয়, অধীৰ ৰঞ্জন চৌধুৰীৰ সৈতে অন্যায় হৈছে। ইয়াৰ পৰাই বুজিব পাৰি গণতন্ত্ৰৰ দুৰ্দিন আহিছে। অধীৰ ৰঞ্জনৰ সৈতে আমাৰ ৰাজনৈতিক বিৰোধ আছে।

কিন্তু যিদৰে লোকসভাৰ বৃহত্তম বিৰোধী দলৰ নেতগৰাকীক নিলম্বন কৰা হ'ল সেয়া মানি ল'ব নোৱাৰি। মোডীৰ বিৰুদ্ধে যিয়েই কথা কয়, তেওঁকেই এইদৰে শাস্তি প্ৰদান কৰা হয়।

Also Read: ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...

লোকসভা অধীৰ ৰঞ্জন চৌধুৰী নৰেন্দ্ৰ মোডী