ধন জমা আছে নেকি LIC আৰু SBIত? আদানীৰ লগে লগে ডুবিব পাৰে এই দুই প্ৰতিষ্ঠান

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাম থকা আদানীৰ বেয়া দিন চলিছে।যোৱা কেইটামান দিন আদানীৰ সম্পত্তি হ্ৰাস হোৱাৰ লগে লগে আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰো হ্ৰাস পাইছে।
ধন জমা আছে নেকি LIC আৰু SBIত? আদানীৰ লগে লগে ডুবিব পাৰে এই দুই প্ৰতিষ্ঠান
ধন জমা আছে নেকি LIC আৰু SBIত? আদানীৰ লগে লগে ডুবিব পাৰে এই দুই প্ৰতিষ্ঠান

ডিজিটেল ডেস্ক: বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাম থকা আদানীৰ বেয়া দিন চলিছে।যোৱা কেইটামান দিন আদানীৰ সম্পত্তি হ্ৰাস হোৱাৰ লগে লগে আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰো হ্ৰাস পাইছে।

ধনী ব্যক্তি গৰাকীৰ সাম্ৰাজ্য এতিয়া ধ্বংস হোৱাৰ পথত। প্ৰতিষ্ঠানৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে যাৰ বাবে দুদিনত আদানীৰ ১.৭ লাখ কোটি টকা লোকচান হৈছে। কিন্তু আদানীৰ লগে লগে সংকটত পৰিছে কোটি কোটি ভাৰতীয়।

যি সকলে এল আই চি(LIC) আৰু এছ বি আই(SBI)ত টকা জমা কৰিছিল সেইলোক সকলৰ বাবে বাজিছে বিপদঘন্টা। আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাসৰ লগে লগে এল আই চি আৰু এছ বি আইও বিপদৰ সন্মুখীন হৈছে।

কিয়নো আদানী গ্ৰুপত এলআইচিআইয়ে বিনিয়োগ কৰিছিল ৭০ হাজাৰৰো অধিক টকা আৰু এছ বি আই য়ে বিনিয়োগ কৰিছিল হাজাৰ হাজাৰ কোটি টকা। এছ বি আইয়ে জমা ৰাশিৰ প্ৰায় ৪০ শতাংশ ঋণ প্ৰদান কৰিছিল আদানীক।

এল আই চি আই আৰু এছ বি আই হৈছে দেশৰ বিশ্বস্ত প্ৰতিষ্ঠান। দেশৰ কোটি কোটি জনতাৰ ধন জমা ৰাখে এই প্ৰতিষ্ঠান দুটাত। আদানী গ্ৰুপৰ এই লোকচানৰ বিপৰীতে এল আই চি আইয়ে হেৰুৱালে ১৮ হাজাৰ কোটি টকাৰো অধিক ।

২৭ জানুৱাৰী ২০২৩ ত আদানি গ্ৰুপৰ শ্বেয়াৰৰ সৈতে এল.আই.চি.-ৰ সংযুক্ত বিনিয়োগ ৬২,৬২১ কোটি টকালৈ হ্ৰাস পায়। ২৪ জানুৱাৰী, ২০২৩ তাৰিখে ইয়াৰ পৰিমাণ আছিল ৮১,২৬৮ কোটি টকা।

আমেৰিকান গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই ভাৰতৰ বিখ্যাত উদ্যোগপতি গৌতম আদানিৰ কোম্পানীবোৰৰ শ্বেয়াৰ হ্ৰাস হ'বলৈ আৰম্ভ হৈছিল।

আৰু পঢ়ক: অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনঃ সাহিত্যনুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ বাসী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in