অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনঃ সাহিত্যনুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ বাসী

অসম সাহিত্য সভাৰ অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ সৃষ্টি হৈছে । অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন সাফল্য মন্দিত কৰি তুলিবলৈ আদৰণি সমিতিৰ উদ্যোগত উপ সমিতি সমূহে শেহতীয়াকৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে ।
 অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ  অধিৱেশনঃ সাহিত্যনুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ বাসী

ডিজিটেল সংবাদ, লখিমপুৰ : অসম সাহিত্য সভাৰ অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ সৃষ্টি হৈছে । অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন সাফল্য মন্দিত কৰি তুলিবলৈ আদৰণি সমিতিৰ উদ্যোগত উপ সমিতি সমূহে শেহতীয়াকৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে ।

অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ দিন ধৰি এই পৰ্যন্ত বিতৰ্কই লগ নেৰা অধিৱেশন খনিৰ প্ৰস্তুতিৰ কাম তুংগত তুলিবলৈ যত্ন কৰিছে আদৰণি সমিতিয়ে ৷ উল্লেখ্য যে বাৰ বৈষ্ণৱৰ জন্মভূমি বৰ নাৰায়ণপুৰত ১৯৮৬ চনৰ পাছত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন । সেয়ে বাৰ বৈষ্ণবৰ জন্মভূমিত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনখনত আধ্যাত্মিকতাৰ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

তদুপলক্ষে অধিৱেশন স্থলীত নিৰ্মাণ কৰা হৈছে নামঘৰ য’ত দৈনিক ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । ইফালে অধিৱেশনৰ প্ৰথম দিনটোতে আহোম লোক সকলৰ পবিত্ৰ মে ডাম মেফিৰ কাৰ্যসূচীও ৰূপায়ন কৰা হ’ব অধিৱেশন স্থলী ৷ অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী সমূহত অসমৰ জনপ্ৰিয় শিল্পী সকলক আমন্ত্ৰণ জনোৱা হৈছে ৷ সাংস্কৃতিক সন্ধিয়াত যুৱ প্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গো উপস্থিত থাকিব বুলি সাংস্কৃতিক উপ সমিতিয়ে জানিবলৈ দিছে ।

লক্ষণীয় ভাৱে মুল তোৰণ খনৰ নিৰ্মাণ আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ।বিপৰীতে মূল মণ্ডপৰ লগতে তিনিহাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে ভোজনালয় । লগতে গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনী সমূহৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । আজি অধিৱেশন স্হলীত বিজুলী আৰু পানী যোগান সম্পন্ন হয় প্ৰায় দু হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰি তুলিছে । সভাস্থলীৰ সমীপত প্ৰায় ৩০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিংৰ ব্যৱস্থা ৰখা হৈছে ।

অধিৱেশন স্থলীলৈ সুকলমে আহিব পৰাকৈ ৰোড মেপ প্ৰকাশ কৰা হৈছে ৷ আনহাতে অধিৱেশনত প্ৰকাশ পাব লগা ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি স্মৃতি গ্ৰন্থ উপ সমিতিয়ে জনাইছে । অধিৱেশনত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পৰাকৈ পাঁচশ যোৰা গায়ন বায়ন, পাঁচশ চালি নৃত্য, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ বহু কেইটা স্থানত অনুশীলন অব্যাহত ৰাখিছে ৷

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ লগত সংগতি ৰাখি আজি নাৰায়ণপুৰ পৌৰ সভাৰ ব্যৱস্থাপনাত নাৰায়ণপুৰ নগৰত সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱা আৰু মহামানব মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয় ৷ অধিবেশনলৈ মাজত এটা দিন বাকী অৱস্থাত পৌৰ সভাৰ ৩ নম্বৰ ৱাৰ্ডত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি বন্তি প্ৰজলনেৰে উন্মোচন কৰে শ্ৰীশ্ৰী কমলা বাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীয়ে ৷

৪ নম্বৰ ৱাৰ্ডত সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বেদিত স্হাপন কৰা প্ৰতিমূৰ্ত্তি উন্মোচন কৰে সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ৷ এই উপলক্ষত আয়োজিত উন্মোচনী সভাত পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱা আৰু নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ শুভেচ্ছা জনোৱাৰ লগতে পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ দি যোৱা অৱদানৰ বিষয়ে ভাষন প্ৰসংগত উল্লেখ কৰে ৷সভাত জাৰ্মানত কৰ্মৰত অভিযন্তা সীমান্ত ভুঞা আৰু মুক্তি যোদ্ধা ৰাধা নন্দ বৰা আৰু মদন ভূঞা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

আৰু পঢ়ক: সাদিন-প্ৰতিদিন গোষ্ঠী অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীৰ লগত সদায় আছে আৰু থাকিবঃ জয়ন্ত বৰুৱা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in