জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙৰ মৃত্যু

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে ।

author-image
Asomiya Pratidin
New Update
জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙৰ মৃত্যু

ডিজিটেল ডেস্কঃ টেলিভিছন পৰ্দাৰ ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি বলিউডৰ চিনেমাত সুনাম অৰ্জন কৰা ঋতুৰাজ সিঙৰ মঙ্গবাৰে দেহাৱসান ঘটে। ৫৯ বছৰ বয়সত হৃদৰোগ জনিত কাৰণত মৃত্যু হয় জনপ্ৰিয় অভিনেতাজনৰ। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা অভিনেতা ঋতুৰাজ সিঙক ১৯ ফেব্ৰুৱাৰী সোমবাৰে হাৰ্ট এটেকৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে । বহু টেলিভিছন শ্ব'ৰ পৰা আৰম্ভ কৰি বলিউডৰ চিনেমাত কৰা অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অভিনেতাজন। শেহতীয়াকৈ ষ্টাৰ প্লাচ চেনেলৰ 'অনুপমা' ধাৰাবাহিক খনত এক চৰিত্ৰত দেখা গৈছিল অভিনেতাজনক।

Also Read: বোকাজানত ১৫ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ

tv star Anupama rituraj singh