বোকাজানত ১৫ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ

বোকাজানত ১৫ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজান মহকুমা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । মঙ্গলবাৰে পুৱা এক বিশেষ সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষীৰ অভিযানত ডিমাপুৰ দিশৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AR 02-8001 নম্বৰৰ এখন বাহনত তালাচী চলাই ৬টা চাবোনৰ বাকচত ৬৭.৫৮গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জালত পৰে ড্ৰাগছ সহ এগৰাকী মহিলা সহ ২সৰবৰাহকাৰী ক্ৰমে নগাঁৱৰ ৰিনা বিশ্বাস আৰু ধেমাজিৰ বিকি বিশ্বকৰ্মাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য ১৫লাখ মান হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

বোকাজানত ১৫ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ
মাৰাঠাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in