ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

ইতিমধ্যে তেওঁৰ ভালেকেইটা পৰীক্ষা সম্পন্ন কৰা হৈছে। সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।

author-image
Asomiya Pratidin
New Update
ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

ডিজিটেল ডেস্ক : কলকাতাত এখন চিনেমাৰ দৃশ্যগ্ৰহণৰ সময়চোৱাত শনিবাৰে আকস্মিকভাৱে অসুস্থ হৈ পৰে বিশিষ্ট অভিনেতা মিঠুন চক্ৰৱৰ্তী। ইয়াৰ পাছতে অভিনেতাগৰাকীক ততাতৈয়াকৈ আন কলা-কুশলীৰ সহযোগত হাস্পতাললৈ নিয়া হয়।

Advertisment

সম্প্ৰতি বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত অভিনেতাগৰাকীৰ চিকিৎসা চলাই থকা হৈছে। ইতিমধ্যে তেওঁৰ ভালেকেইটা পৰীক্ষা সম্পন্ন কৰা হৈছে। সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অভিনেতাগৰাকী শনিবাৰে 'শাস্ত্ৰী' কথাছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল। ইফালে শুকুৰবাৰৰ নিশাৰ পৰাই তেওঁ স্বাস্থ্যজনিত সমস্যাত ভুগি থকাৰ কথা পোহৰলৈ আহিছে। বুকুৰ বিষত ভোগা অভিনেতা মিঠুন চক্ৰৱৰ্তী সম্প্ৰতি বিপদমুক্ত বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।

Also Read: তামুলপুৰত বিটিচি চুক্তিৰ ২২ সংখ্যক দিৱস উদযাপন

actor Mithun Chakraborty cinema kolkata film