/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/092429c7-22da-4457-a306-eb6dfe2745c9/224.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলা বিপিএফ দলৰ উদ্যোগত বিটিচি চুক্তিৰ ২২ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে শনিবাৰে তামুলপুৰ জিলা কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা আৰু বিপিএফ দলৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলাৰ উপ সভাপতি চিনাকান্ত বসুমতাৰীয়ে ৷
ইয়াৰ পিছতে ছহিদ তৰ্পন আৰু মুকলি সভা অনুষ্ঠিত হয় ৷ উপ সভাপতি চিনাকান্ত বসুমতাৰীৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী, প্ৰাক্তন ই এম গনেছ কছাৰী, বনমালী বড়োক প্ৰমুখ্য কৰি দলৰ নেতাসকল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/67262ac7-02f1-4bcb-9765-1f5de3578988/d9624b04_27d2_4814_b4b5_65216e29a4fd.jpg)
সভাত গনেশ কছাৰীয়ে কয়- ১৭বছৰে হাগ্ৰামাই কি কৰা নাই ৷ সকলো কৰিছে কেৱল প্ৰমোদ বড়োৱেহে দেখা নাপায় বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ সভাত বিটিচি চুক্তি দিৱসৰ তাৎপৰ্য বহলাই উল্লেখ কৰে ৷ প্ৰাক্তন ই এম বনমালী বড়োৱেও ভাষণ প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a52afe9a-a634-479c-bb2a-986070a792b0/fecfe647_819b_4592_9923_e36d48c95b63.jpg)
সভাত দলৰ কেন্দ্ৰীয় যুৱ নেতা জিতেন মুছাহাৰী তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক চিত্ৰেশ্বৰ নাৰ্জাৰী, যুৱ শাখাৰ সভাপতি মনোজ ৰাভা প্ৰমুখ্যে মহিলা কোষ,জাতি জনগোষ্ঠীৰ ভাতৃ -ভগ্নী সংগঠনৰ নেতাসকল,ব্লক সমিতিৰ সদস্যসকল উপস্থিত থাকে ৷
Also Read: পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..