হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...

সামাজিক মাধ্যমত ধৰ্মীয় অনূভুতিক আঘাট কৰা বিতৰ্কিত পষ্ট কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে এজন কানাডিয়ান অভিনেতাই । অভিনেতা চেতন কুমাৰ অহিমসাই টুইটাৰযোগে এটি পষ্ট কৰিছিল । য’ত তেওঁ উল্লেখ কৰিছিল যে "হিন্দুত্ব মিছাৰ ওপৰত প্ৰতিস্থিত"
হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ধৰ্মীয় অনূভুতিক আঘাট কৰা বিতৰ্কিত পষ্ট কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে এজন কানাডিয়ান অভিনেতাই । অভিনেতা চেতন কুমাৰ অহিমসাই টুইটাৰযোগে এটি পষ্ট কৰিছিল । য’ত তেওঁ উল্লেখ কৰিছিল যে "হিন্দুত্ব মিছাৰ ওপৰত প্ৰতিস্থিত" । এই পষ্টৰ পিছতেই ২১ মাৰ্চত অভিনেতাগৰাকীক বেংঙ্গালোৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

অৱেশ্যে এয়াই প্ৰথম নহ’য় ইয়াৰ পূৰ্বেও ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণ দীক্ষিতৰ বিৰুদ্ধে কৰা এটা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল চেতন কুমাৰক ৷

কেন্দ্ৰীয় চৰকাৰে কানাড়াৰ অভিনেতা চেতন কুমাৰ অহিমসাক ভিছা বাতিল কৰিছে । আৰু অ চি আই কাৰ্ড ঘূৰাই দিবলৈ অভিনেতাগৰাকীক ১৫ দিনৰ সময় দিয়া হৈছে ।

এই অ চি আই হৈছে ভাৰতীয় মূলৰ বিদেশী লোকসকলক ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ দিয়া এক মৰ্যদা ৷ এই কাৰ্ডৰ অধিকাৰীসকলক ভিছাৰ অবিহনে ভ্ৰমনৰ উপৰিও কৰ্মসংস্থাপন, আৰু শিক্ষাৰ বাবে ভাৰতত থাকিবলৈ অনুমতি প্ৰদান কৰা হয় ৷

উল্লেখ্য যে এই কাৰ্ড অধিকাৰীসকল প্ৰকৃততে ভাৰতীয় নাগৰিক নহয় ৷ তেওঁলোকে দেশৰ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰে ৷ আৰু এই মৰ্যদা যি কোনো পৰিস্থিতিত কৰ্তন কৰিব পাৰে ভাৰত চৰকাৰে ৷

অ চি আই কাৰ্ড জমা দিৱলৈ ১৫ দিনৰ সময়সীমা প্ৰদান কৰাকলৈ অভিনেতাগৰাকীয়ে কয় যে এই কেইদিনত তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৷ উল্লেখ্য যে মাৰ্চত গ্ৰেপ্তাৰৰ পিছতেই অভিনেতাজন বৰ্তমানে জামিনত আছে ৷

হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...
কোন আছিল আতিক আহমেদ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in