প্ৰখ্যাত জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ শেষ নিশ্বাস ত্যাগ

ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ডংগৰগড়ৰ চন্দ্ৰগিৰি তীৰ্থত 'ছালেখানা' ৰ পাছত দেওবাৰে প্ৰখ্যাত জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰখ্যাত জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ শেষ নিশ্বাস ত্যাগ

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ডংগৰগড়ৰ চন্দ্ৰগীৰি তীৰ্থত 'ছালেখানা'ৰ পাছত দেওবাৰে প্ৰখ্যাত জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে। ছালেখানা হৈছে এক জৈন ধৰ্মীয় প্ৰথা য'ত আধ্যাত্মিক শুদ্ধিৰ বাবে স্বেচ্ছাই মৃত্যুৰ আগত উপবাস কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজজীৰ মৃত্যুক দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

Advertisment

আচাৰ্য বিদ্যাসাগৰ মহাৰাজে পুৱা ২:৩৫ বজাত চন্দ্ৰগিৰি তীৰ্থত 'চালেখনা'ৰ জৰিয়তে সমাধি লাভ কৰিছে ।

আচাৰ্য বিদ্যাসাগৰ আচাৰ্য জ্ঞানসাগৰৰ শিষ্য আছিল। যেতিয়া আচাৰ্য জ্ঞানসাগৰে সমাধি গ্ৰহণ কৰিছিল, তেতিয়া তেওঁ তেওঁৰ আচাৰ্য পদমুনি বিদ্যাসাগৰক হস্তান্তৰ কৰিছিল। মুনি বিদ্যাসাগৰ ১৯৭২ চনৰ ২২ নৱেম্বৰত মাত্ৰ ২৬ বছৰ বয়সত আচাৰ্য হৈছিল।

Also Read: বিজেপি অজগৰ সাপ...

acharya vidyasagar