/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/397beac2-09b1-444b-b055-2eab849c180f/fgff.jpg)
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কটাক্ষ
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কংগ্ৰেছৰ দুগৰাকীকৈ বিধায়কে বিজেপিৰ সৈতে হাত মিলোৱাৰ পিচতে উক্ত বিষয়টোক লৈ কেইবাবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুুপেন বৰাই। শেহতীয়াকৈ ভুুপেন বৰাই উক্ত বিষয়টোক লৈ পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'বিজেপি হৈছে এটা অজগৰ সাপ। অজগৰে যেনেকৈ গোটে গোটে বস্তু গিলি দিয়ে, ঠিক তেনেদৰে বিজেপিয়ে সকলো গিলি পেলাইছে। ''
বিজেপিক কটাক্ষ কৰি অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে, বিজেপিয়ে এতিয়া সকলো ভালে-বেয়াই গিলি আছে যদিও সময়ত সকলোবোৰ ওকলিয়াব লাগিব।'' উল্লেখ কৰা প্ৰয়োজন যে, অসমত কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ পাছতে কেইবাগৰাকীও বিধায়কে হাত মিলাইছিল মুখ্যমন্ত্ৰীৰ সৈতে। শশীকান্ত দাসৰ পাছত কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলোৱাৰ পাছতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ দিল্লীলৈ উৰা মাৰিছিল সভাপতি ভূপেন বৰা।
দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত দলীয় অনুশাসন ভংগ কৰা সকলো বিধায়কক বিধায়ক পদ খাৰিজ কৰিবৰ বাবে বিধানসভাত আবেদন কৰাৰ সিদ্ধান্ত লৈছে অসম কংগ্ৰেছে। এই সকলো দায়িত্ব দলপতি দেৱব্ৰত শইকীয়াক।
Also Read: নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা...