/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/81e7b25a-4c0d-4f4b-b7af-6cf6ce9856ab/AP_FOR_WEB_JNU.jpg)
ডিজিটেল ডেস্কঃ দিল্লীস্থিত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত পুনৰ সংঘটিত মাৰপিটৰ ঘটনা। স্কুল অৱ লেংগুৱেজত জিবিএমৰ সময়ত আক্ৰমণৰ ঘটনা সংঘটিত হয়। নিৰ্বাচন সমিতিৰ সদস্য নিৰ্বাচনক লৈ এবিভিপি আৰু বাঁওপন্থী সমৰ্থিত ছাত্ৰৰ মাজত বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয়।
বিশ্ববিদ্যালয়ৰ এজন বিষয়াই জানিব দিয়া অনুসৰি আহত শিক্ষাৰ্থীক চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে য'ত এজন ব্যক্তিয়ে কিছুমান শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰা দেখা গৈছে, আনহাতে আন এটা ক্লিপত এজন ব্যক্তিয়ে তেওঁলোকৰ ফালে চাইকেল দলিয়াই থকা দেখা গৈছে।
ঘটনাটোৰ আন এটা ভিডিঅ'ত দেখা গৈছে যে কিছুমানে মাৰপিট কৰি আছে আৰু বিশ্ববিদ্যালয়ৰ নিৰাপত্তা কৰ্মীয়ে তেওঁলোকৰ কাজিয়া ভাঙিবলৈ চেষ্টা কৰি আছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) আৰু বাওঁপন্থী গোটৰ শিক্ষাৰ্থীসকলে আৰক্ষীত অভিযোগ দাখিল কৰিছে।
বিশ্ববিদ্যালয় প্ৰশাসনে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। সূত্ৰ অনুসৰি জানিব পৰা মতে ঘটনাটোত এতিয়ালৈকে ৩ জন ছাত্ৰ আহত হৈছে।
উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীত ছাত্ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা এখন বৈঠকত নিশা এবিভিপি আৰু বাওঁপন্থী গোটসমূহৰ মাজত সংঘৰ্ষ হৈছিল।
Also Read: ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী