ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী

 ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী

ডিজিটেল ডেস্কঃ মেট্ৰিকৰ গণিতৰ পৰীক্ষাৰ নামত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ই সংঘটিত কৰিছে আজব কাণ্ড। চাৰি লক্ষাধিক পৰীক্ষাৰ্থীক বিপাঙত পেলাই চৰম বিসংগতিপূর্ণ ভুল প্রশ্নৰে প্ৰশ্নকাকত প্রস্তুত কৰি ইতিহাস ৰচিলে ছেবাই।

একাংশ কাণ্ডজ্ঞানহীন-অদূৰদর্শী শিক্ষক-বিষয়াৰ কুকৰ্মৰ কুফল ভোগ কৰিবলগীয়া হ'ল পৰীক্ষার্থীসকলে। জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰি কান্দি কান্দি পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিবলগীয়া হ'ল ছাত্র-ছাত্রী।

২৯ ফেব্ৰুৱাৰীত আছিল মেট্ৰিকৰ গণিত পৰীক্ষা। কিন্তু ছেবাৰ কাণ্ডই চকু কপালত তুলিলে সকলোৰে। ছেবাৰ এই উদ্ভট কাণ্ডত ছাত্র-ছাত্রীৰ সমান্তৰালভাৱে শিক্ষক-অভিভাৱকসকলো ক্ষোভত ফাটি পৰিছে।

পৰীক্ষাত পাঠ্যক্ৰম অনুসৰি পৰীক্ষাৰ্থীসকলে প্রস্তুতি চলাই পৰীক্ষাত অবতীর্ণ হয়। কিন্তু পৰীক্ষাৰ প্ৰশ্নকাকত হাতত পৰাৰ পিচত পৰীক্ষাৰ্থীসকলৰ চকু কপালত উঠে। পাঠ্যক্ৰমৰ বাহিৰৰ তথা ভুল-কঠিন প্রশ্নৰে ভৰি থকা প্রশ্নকাকতখন দেখি অধিকাংশ পৰীক্ষাৰ্থীয়ে বিপাঙত পৰে।

ঐচ্ছিক গণিত বিষয় থকা তথা গণিতত অতি মেধাৱীৰূপে পৰিচিত পৰীক্ষাৰ্থীসকলেও প্রশ্নকাকতখন দেখি ভয়ত বিতত হয়। দুচকুৰে নিগৰি আহে চকুলো। গণিতত মজলীয়া, সাধাৰণ আৰু দুৰ্বলৰূপে পৰিচিত শিক্ষাৰ্থীসকলৰ কথা নক'লেও হ'ব। মুঠৰ ওপৰত ৰাজ্যৰ পৰীক্ষা কেন্দ্রই কেন্দ্রই সৃষ্টি হয় অনাহক-অভাৱনীয় পৰিস্থিতিৰ।

গণিতত অতি মেধাবীৰূপে পৰিচিত পৰীক্ষাৰ্থীৰ বেছিভাগেই তিনি ঘণ্টাত ৯০ নম্বৰতকৈ অধিক প্ৰশ্নৰ উত্তৰ কৰাত ব্যৰ্থ হ'ল। আনকি যি প্ৰশ্ন পৰীক্ষাৰ বাবে নহয় বুলি উল্লেখ আছিল পাঠ্যপুথিত সেয়াও আহিল পৰীক্ষাত।

গণিতৰ পাঠ্যপুথিৰ পুনৰালোচনা অধ্যায়ৰ তৃতীয় খণ্ড পৰিমিত পাঠ্যক্ৰমত নাছিল যদিও পৰীক্ষাত সেই পাঠটোৰ পৰা প্ৰশ্নকাকতৰ ১২ আৰু ২১ নম্বৰ প্ৰশ্ন দুটা সন্নিৱিষ্ট হয়। সচৰাচৰ অহা প্রশ্নতকৈ এইবাৰ ২৪ শতাংশ নম্বৰৰ কঠিন প্রশ্ন প্ৰশ্নকাকতত সন্নিবিষ্ট হৈছে। ১১, ১২, ১৬, ৪৬, ৫৩, ৫৫, ৫৭, ৬১, ২১, ৩০ আদি নম্বৰৰ প্ৰশ্নবোৰ পৰীক্ষাৰ্থীৰ বাবে অতি কঠিনৰূপে বিবেচিত হৈছে।

৫৩, ৫৫, ৫৭ আৰু ৬১ নম্বৰ প্ৰশ্নকেইটা গণিতৰ পাঠ্যপুথিৰ অন্তর্গত নহয়। গণিতৰ পাঠ্যপুথিৰ ১৯৬ নং পৃষ্ঠাৰ অন্তৰ্গত জ্যামিতিৰ অনুশীলনী থকাৰ পিচতো প্রশ্নকাকতত প্রশ্নটো সন্নিৱিষ্ট হয়।

একাংশ শিক্ষক, গণিত বিশেষজ্ঞৰ মতে বস্তুনিষ্ঠ হিচাপে সন্নিবিষ্ট হোৱা ৪৫টা প্রশ্নৰ ৩০টাতে দীঘলীয়া সমাধানৰ প্ৰয়োজন হয়। তদুপৰি ১২ আৰু ১৬ নং প্রশ্ন দুটা দশম শ্রেণীৰ শিক্ষার্থীৰ বাবে নহয়েই।

একাংশৰ মতে প্রশ্নকাকতৰ ৪৬ আক ৫৯ নম্বৰ প্রশ্ন দুটা ভুল। ৫৫ নম্বৰ প্রশ্নটো পাঠ্যক্ৰমৰ বাহিৰৰ পৰা লোৱা হৈছে। আনহাতে অসামৰিক সেৱাৰ প্ৰতিযোগীতামূলক পৰীক্ষা বাবে প্ৰয়োজনীয় প্ৰশ্নোও সন্নিবিষ্ট হল পৰীক্ষাত।

এয়াই প্ৰথম নহয়, ছেবাৰ প্রতিটো ভুলৰ বলি বাৰে বাৰে হ'বলগীয়া হয় ছাত্র-ছাত্রীসকল। এইবাৰ সেয়ে ছেবাই নিজৰ ভুল মানি পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদানৰ দিহা কৰিব লাগে বুলি দাবী হৈছে।

বিভিন্ন দল সংগঠনে ছাত্ৰ-ছাত্ৰীক প্ৰাপ্য নম্বৰ দিবলৈ দাবী কৰিছে। ইপিনে মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকতক লৈ শিক্ষার্থী-অভিভাৱক দুখ আৰু ক্ষোভত ফাটি পৰাৰ সময়ত ৰহস্যজনকভাৱে নীৰৱ হৈ আছে সদৌ অসম ছাত্ৰ সন্থা। ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাবক বুলি দাবী কৰা সংগঠনটোবে গণিতৰ প্ৰশ্নকাকত সন্দর্ভত গ্রহণ কৰা নীৰৱতাই বহু প্ৰশ্ন উত্থাপন কৰিছে।

 ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী
আজি চৰাইদেউলৈ আহিব ইউনেস্ক'ৰ ভাৰতীয় প্ৰতিনিধি বিশাল ভি শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in