হোৱাইট হাউচত "জন গণ মন" গাই মোডীৰ অন্তৰ জিনা কোন এই মাৰ্কিন মহিলা ?

হোৱাইট হাউচত "জন গণ মন" গাই মোডীৰ অন্তৰ জিনা কোন এই মাৰ্কিন মহিলা ?

author-image
Asomiya Pratidin
New Update
হোৱাইট হাউচত "জন গণ মন" গাই মোডীৰ অন্তৰ জিনা কোন এই মাৰ্কিন মহিলা ?

ডিজিটেল ডেস্ক : চাৰিদিনীয়া ভ্ৰমণসূচীৰে কিছুদিন পূৰ্বে আমেৰিকালৈ উৰা মাৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ভাৰত-আমেৰিকাৰ ঔদ্যোগিক-বাণিজ্য-অৰ্থনৈতিক তথা কেতবোৰ কাৰ্যসূচীৰ বাবে অনুষ্ঠিত হৈছিল কেইবাখনো বৈঠক।

Advertisment

এই ভ্ৰমণৰ কালছোৱাত আমেৰিকাৰ প্ৰধানমন্ত্ৰীৰ সতে বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ উপৰিও যোৱা ২১ জুনত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল আন্তৰ্জাতিক যোগ দিৱস। ডিঙিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা লৈ যোগ সাধানত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোডীয়ে।

বিভিন্ন কাৰ্যসূচী অনুসৰি ৱাশ্বিংটন ডিচিৰ ৰেগান ভৱনত প্ৰবাসী ভাৰতীয়ক সম্বোধনৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। য'ত উপস্থিত আছিল প্ৰবাসী ভাৰতীয়সকলৰ উপৰিও আমেৰিকাৰ প্ৰখ্যাত সংগীত শিল্পী তথা জনপ্ৰিয় অভিনেত্ৰী মেৰী মিলবেন

মেৰী মিলবেন সন্দৰ্ভত বিশ্বৰ প্ৰায় সংখ্যক লোকেই জ্ঞাত। শিল্পীগৰাকীৰ বিষয়ে নজনা অথবা নুশুনা মানুহৰ সংখ্য়া আঙুলিৰ মূৰত গণিব পৰা বিধৰ। এইগৰাকী বিখ্যাত শিল্পীৰ কণ্ঠত সাত সাগৰ তেৰ নদীৰ সিপাৰে বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত "জন গণ মন অধিনায়ক জয় হে...।"

ৰেগান ভৱনত আয়োজিত অনুষ্ঠানত উপস্থিত থকা প্ৰধানমন্ত্ৰীৰ সন্মুখতে তেওঁ পৰিবেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো। সংগীত পৰিবেশন কৰিয়েই শিল্পীগৰাকীয়ে মোডীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে।

সংগীতৰ নাথাকে কোনো ভৌগলিক পৰিসীমা। এই কথা প্ৰতিপন্ন কৰি শিল্পীগৰাকীয়ে মন জয় কৰিলে দেশে-বিদেশে থকা প্ৰতিগৰাকী ভাৰতীয়ৰ। শিল্পীগৰাকীক শুভেচ্ছাৰে উপচাই দিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে, খ্ৰীষ্টান ধৰ্মালম্বী এইগৰাকী শিল্পীৰ জন্ম হৈছিল ১৯৮২ চনৰ ৪ মাৰ্চত অকালহোমা চহৰত। পিতৃৰ নাম মাইকেল মিলবেন। মাতৃ আলথিয়া মিলবেন। তেওঁৰ মাতৃয়ো আছিল এগৰাকী বিখ্যাত সংগীতজ্ঞ।

মাকৰ পৰা তেওঁ লাভ কৰে সংগীতৰ আদি পাঠ। মিলবেন সংগীত শিল্পী,অভিনেত্ৰীৰ উপৰিও তেওঁ এগৰাকী সফল উদ্যোগপতি। মিলবেন জেএমডিই এণ্টাৰপ্ৰাইজেছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া।

ইয়াৰোপৰি ভায়োলিন বজোৱাত তেওঁৰ আছে বিশেষ দখল। অকালহোমা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী। তেওঁ ২০১০ চনৰ বিখ্যাত হেলেন হেইজ বঁটাৰ বাবেও মনোনীত হৈছিল।

Also Read: নামৰূপত উপ-স্বাস্থ্য কেন্দ্রৰ আধাৰশিলা স্থাপন বিধায়কৰ...

narendra modi Mary Millben