/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ff791126-d551-4732-a824-168389ae9eb3/Tarranga.jpg)
ডিজিটেল সংবাদ, নামৰূপ : নাহৰকটীয়া সমষ্টিৰ জয়পুৰ মণ্ডলৰ অন্তৰ্গত নামৰূপ পঞ্চায়তৰ পানীদৰীয়া ৰঙাগড়াত শনিবাৰে দিনৰ প্ৰায় ১২ বজাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা ৰূপায়ণ হ'বলগীয়া এটা উপ-স্বাস্থ্য কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/83465e0f-062b-4337-a296-4e0506ca721b/4b3946f4_bf61_4fc4_aae5_f1af1d9c5b11.jpg)
মুঠ ৫১.৯২ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া এই স্বাস্থ্য কেন্দ্রটোৰ আধাৰ শিলা স্থাপন কৰি বিধায়ক গগৈয়ে কয় যে, উপস্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে ৰঙাগড়াবাসীৰ লগতে বহু কেইখন চুবুৰীয়া গাঁৱৰ ৰাইজ উপকৃত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0ae1ac04-20e9-498d-838a-519f5b93438d/78d659cf_ba06_456b_9b67_33c3e39da73e.jpg)
উক্ত কাৰ্যসূচীত বিজেপি জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা, নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈ, মণ্ডলৰ উপ-সভাপতিদ্বয় ভৱকান্ত গগৈ, শৰৎ হাজৰিকা আৰু মন্টু চলিহা, ১৫৬ নং বুথ সভানেত্রী অৰুণা গগৈ, জয়পুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত স্বাস্থ্য বিভাগৰ বিষয়া আৰু এন আৰ এইছ এমৰ অভিযন্তাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Also Read: নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !