/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/636c93b2-dadf-4009-9079-b9409b5dcfef/ddd.jpg)
ডিজিটেল ডেস্কঃ ফেচবুক লাইভৰ সময়তে গুলীয়াই হত্যা এজনক। মুম্বাইত সংঘটিত হৈছে এই ঘটনা। শিবসেনা(ইউবিটি)ৰ নেতা অভিষেক ঘোচালকাৰক বৃহস্পতিবাৰে মুম্বাইত ফেচবুক লাইভৰ মাজতে স্থানীয় কাৰ্যকৰ্তা মৌৰিছ নোৰোহ্নাই গুলীয়াই হত্যা কৰে। ইয়াৰ পাছতে আক্ৰমণকাৰীজনে নিজেও গুলী মাৰি আত্মহত্যা কৰে।
অভিষেক ঘোচালকাৰ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা দলৰ এজন বিশ্বাসী নেতা তথা প্ৰাক্তন বিধায়ক বিনোদ ঘোচালকাৰৰ পুত্ৰ আছিল।অভিষেক ঘোচালকাৰৰ বয়স আছিল ৪০ বছৰ। তেওঁ এজন প্ৰাক্তন কৰ্পোৰেটৰ আছিল।
জানিব পৰা মতে আক্ৰমণকাৰীজনে প্ৰথমে তেওঁক নিজৰ কাৰ্যালয়লৈ লাইভ আলোচনাৰ বাবে মাতিছিল আৰু পাছত হত্যা কৰিছিল।অৱশ্যে কিয় এই হত্যাকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
Also Read: কাশ্মীৰত তাপমাত্ৰ -১২ ডিগ্ৰী চেলচিয়াছঃ বৰফে আগুৰি ধৰিছে চাৰিওফালে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us