
ডিজিটেল ডেস্ক : মহিলাৰ বাবে যেন কাহানিও সুৰক্ষিত ভূমি হৈ নুঠিব ৰাজস্থান । বাল্য বিবাহ, যৌতুক প্ৰথা আদিত ভাৰাক্ৰান্ত ৰাজ্যখন । আৰক্ষী-প্ৰশাসন যেন এটা কৌতুক হৈ পৰিছে ৰাজ্যখনত । সততেই উন্নতিৰ কথা জহাই ফুৰা চৰকাৰখন কিন্তু নাৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বিফল ।
তেনে এক ঘৃণনীয় ঘটনা সংঘটিত হ'ল ৰাজস্থানত । জংঘলৰ মাজত অপহৰণকাৰীয়ে বলপূৰ্বকভাৱে বিয়া পাতিলে অপহৰণ কৰি অনা এগৰাকী যুৱতীক । সন্মুখতেই অসহায় মাতৃয়ে কাতৰ অনুৰোধ কৰি গ'ল এনে ঘটনা সংঘটিত নকৰিবলৈ । কোনোবাই সমগ্ৰ ঘটনাৰ ভিডিঅ' কৰিলে, সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে । কিন্তু কোনেও বাধা নিদিলে, উপস্থিত নহ'ল আৰক্ষী ।
উল্লেখ্য যে, ৰাজস্থানৰ জয়চালমেৰ জিলাত অপহৰণকাৰীয়ে বলপূৰ্বকভাৱে জংঘলৰ মাজত যুৱতীগৰাকীৰ সৈতে অগ্নিক প্ৰদক্ষিণ কৰা দেখা গৈছিল ভিডিঅ'টিত । সমগ্ৰ সময়ছোৱাত যুৱতীগৰাকী আৰু মাতৃয়ে অপহৰণকাৰীক এনে নকৰিবৰ বাবে মিনতি কৰি থকাৰ পাছতো বন্ধ নহ'ল এই কাৰ্য । ঘটনাস্থলীত উপস্থিত নহ'ল আৰক্ষী । অৱশ্যে পৰৱৰ্তী সময়ত এই ভিডিঅ'টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় । আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লীৰ নাৰী সুৰক্ষা আয়োগে সৰৱ হৈ উঠাৰ পাছতেহে দ্ৰুতগতিত কাৰ্যকৰী হয় অপহৰণকাৰীৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়া ।
এতিয়া প্ৰশ্ন হয়, কিমান দিনলৈ চলিব এনে কাৰ্য ? এই জঘণ্য পুৰুষতান্ত্ৰিকতাৰ পৰা সমাজ মুকলি হ'ব পাৰিব নে কাহানিও ? ক'ৰ'বাত যদি বলপূৰ্বক বিবাহ, আন ক'ৰ'বাত যৌন আতিশয্য । সকলোতেই ব্যৰ্থ আৰক্ষী । নাৰী যেন এতিয়াও কেৱল এক পণ্য এইখন সমাজত । সভা-সমিতিৰ জৰিয়তে কেৱল আলোচনাতেই আৱদ্ধ হৈ ৰ'ব নেকি নাৰীৰ সুৰক্ষা ?