/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/362e4247-79f2-44bf-abe8-204b0b25567a/nsdc.jpg)
ডিজিটেল ডেস্ক : ভাৰতত ডিজাইন শিক্ষাক শক্তিশালী কৰাৰ উদ্দেশ্যে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (এন এছ ডি চি), মেধাৱী স্কিলছ ইউনিভাৰ্চিটি (এম এছ ইউ) আৰু ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (আই এন আই এফ ডি)ৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। জানিব পৰা মতে, এন এছ ডি চিৰ মুখ্য কাৰ্যবাহী বিষয়া বেদ মণি তিৱাৰী, আই এন আই এফ ডিৰ মুখ্য কাৰ্যবাহী বিষয়া অনিল খোছলা আৰু মেধাৱী দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আচাৰ্য্য প্ৰবেশ দুদানিয়ে এই চুক্তিত স্বাক্ষৰ কৰে।
নেশ্যনেল কাউন্সিল ফৰ ভকেচনেল এডুকেচন এণ্ড ট্ৰেইনিং (এন চি ভি ই টি)ৰ অধীনস্থ বঁটা প্ৰদানকাৰী সংস্থা মেধাৱী স্কিলছ ইউনিভাৰ্চিটিয়ে আই এন আই এফ ডিৰ সৈতে ফেশ্বন ডিজাইন আৰু ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি ডিজাইন ক্ষেত্ৰত পেছাদাৰী ডিগ্ৰী আৰু ডিপ্ল’মা লাভ কৰিব পৰা একাডেমিক ক্ৰেডিট সমৰ্থিত পাঠ্যক্ৰম সৃষ্টি কৰাৰ উদ্দেশ্যে কাম কৰিব। এই চুক্তিৰ অধীনত তিনিওটা পক্ষই ফেশ্বন ডিজাইন, ইণ্টেৰিয়ৰ ডিজাইন আৰু বিউটি এণ্ড ৱেলনেছ খণ্ডত নতুন যুগৰ হ্ৰস্বম্যাদী পাঠ্যক্ৰমৰ গাঁঠনি প্ৰস্তুতকৰণ আৰু বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।
ইয়াৰোপৰি, পাঠ্যক্ৰমসমূহৰ এম এছ ইউ আৰু এন এছ ডি চিয়ে যৌথভাৱে প্ৰমাণীকৰণ কৰিব, লগতে এম এছ ইউ-য়ে ইয়াৰ গুৰি ধৰিব আৰু এন এছ ডি চিয়ে এই প্ৰক্ৰিয়াত সামগ্ৰিকভাৱে নিৰ্দেশনা আৰু পৰামৰ্শ আগবঢ়াব। সমগ্ৰ ভাৰতৰ লগতে বিদেশতো ডিজাইন প্ৰতিষ্ঠানৰ বিস্তৃত নেটৱৰ্ক সম্পন্ন আই এন আই এফ ডিয়ে প্ৰাৰ্থীৰ নামভৰ্তিৰ উপৰিও এই নতুন পাঠ্যক্ৰমসমূহৰ পৰিচালনাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব।
আই এন আই এফ ডিয়ে এম এছ ইউৰ সৈতে সহযোগিতা কৰি এম এছ ইউত বিভিন্ন ডিগ্ৰী আৰু ডিপ্লমা কাৰ্যসূচীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগ-প্ৰাসংগিক নিয়োগৰ বাবে শিক্ষণৰ সুযোগ প্ৰদান কৰিব। এই মিত্ৰতাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বৃত্তিমূলক শাখাৰ পৰা উচ্চ শিক্ষাৰ বিভিন্ন পথলৈ পৰিৱৰ্তনৰ লগতে একাধিক প্ৰবিষ্টি আৰু প্ৰস্থান সম্ভৱপৰ কৰি তোলাৰ জৰিয়তে ৰাষ্ট্ৰীয় ক্ৰেডিট ফ্ৰেমৱৰ্ক (এন চি এফ)ৰ নীতি অনুসৰি আই এন আই এফ ডি-ৰ পাঠ্যক্ৰমসমূহলৈ ঋণৰ সমতুল্যতা অনা।
এই প্ৰচেষ্টাৰ পৰিকাঠামো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও, আই এন আই এফ ডি আৰু এম এছ ইউয়ে ভাৰত চৰকাৰৰ ডিজিটেল স্কিল ইণ্ডিয়াৰ নীতিৰ সৈতে সংগতি ৰাখি ডিজাইনৰ ক্ষেত্ৰখনত নতুন যুগৰ ডিজিটেল পাঠ্যক্ৰমৰ প্ৰস্তুতকৰণ, বিকাশ কৰাৰ লগতে এইক্ষেত্ৰত প্ৰযোজন অনুসৰি সহযোগিতা আগবঢ়াব। এই ডিজিটেল পাঠ্যক্ৰমসমূহে ডিজাইন শিক্ষাক বৃহত্তৰ দৰ্শকৰ মাজলৈ সম্প্ৰসাৰিত হোৱাত সহায় কৰিব আৰু ইয়াক স্কিল ইণ্ডিয়া ডিজিটেল প্লেটফৰ্ম- https://www.skillindiadigital.gov.inত আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে।
এন এছ ডি চি আৰু এম এছ ইউৰ সৈতে আলোচনা কৰি আই এন আই এফ ডিয়ে এক উৎকৰ্ষ কেন্দ্ৰও স্থাপন কৰিব, যিয়ে মূলতঃ ফেশ্বন আৰু ইণ্টেৰিয়ৰ ডিজাইন দক্ষতাৰ ক্ষেত্ৰত কাম কৰিব। বিদেশৰ গতিশীল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু নিয়োগ লাভৰ বাবে প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত এই উৎকৰ্ষ কেন্দ্ৰ দায়বদ্ধ হ'ব।
এই পৰিকল্পিত চুক্তিয়ে ভাৰতৰ ডিজাইন শিক্ষাখণ্ডক যথেষ্ট উন্নীত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বৰ্ধিত ব্যৱহাৰিক ক্ষেত্ৰখনৰ অধিক ওচৰ চপাই আনি উদ্যোগ-প্ৰাসংগিক দক্ষতা প্ৰদান কৰিব আৰু ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় অৰ্থনীতিত এক দক্ষ কৰ্মশক্তি সৃষ্টিত সৃষ্টিত উদগনি দিব বুলি বিভাগীয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। অনুষ্ঠানটিত আই এন আই এফ ডি গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক চিঙ্কি আগৰৱালাই কয়, "আই এন আই এফ ডি গুৱাহাটীয়ে এনইপি, ২০২০ অনুসৰি ২০২৩-২০২৪ বৰ্ষৰ বাবে শৈক্ষিক কাৰ্যকাল আৰম্ভ কৰিছে আৰু শিক্ষাৰ নতুন আৰু বৈচিত্ৰ্যময় পথসমূহৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে ৩ বছৰ আৰু ৪ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম প্ৰদান কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f5b9cb8e-de5a-4c68-822d-58e48b91cfe7/670868b2_1af7_4711_904f_f9aa2739ff50.jpg)
Also Read: "মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব..."