১০ হাজাৰ টকাৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰিলে কনমানিক

ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা।

Advertisment

পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত সংঘটিত হৈছে শিশু বিক্রীৰ ঘটনা। দয়াংমুখৰ ৰাধানগৰ গাঁৱত ২ বছৰীয়া কন্যা সন্তানক বিক্রী কৰিছে পৰিয়ালৰ লোকে।

অভিযোগ অনুসৰি ১০ হাজাৰ টকাত শিশুটিক বিক্রী কৰিছে পাষাণ পিতৃ দিলীপ বিশ্বাসে। দ্বিতীয়টো ৪ মহীয়া সন্তানকো ৫০ হাজাৰ টকাত বিক্রীৰ চেষ্টা দিলীপৰ।

তাৰপাছতে ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে স্বামীৰ বিৰুদ্ধে অভিযোগ দিয়াত পোহৰলৈ আহে সকলো । ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল দিলীপৰ পত্নীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: এইবাৰ পুনৰ অংকৰ শিক্ষক, ছাত্ৰীয়ে তুলিছে গুৰুতৰ অভিযোগ

Assam police