সন্ধিয়া থমকি ৰৈছিল মহাভাৰতৰ ৰণ, কিন্তু শান্ত নহয় নেতাসকল হে

সন্ধিয়া থমকি ৰৈছিল মহাভাৰতৰ ৰণ, কিন্তু শান্ত নহয় নেতাসকল হে

ডিজিটেল ডেস্ক : মহাভাৰতৰ ৰণৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল পাঞ্চজন্য শংখ । এই শংখৰ জৰিয়তেই এন্ধাৰ নামি অহাৰ লগে লগেই সংকেট প্ৰেৰণ কৰা হৈছিল দুয়োপক্ষলৈ । আৰু থমকি ৰৈছিল যুদ্ধ । সকলোৱে বিশ্ৰাম গ্ৰহণ কৰাৰ উপৰিও মৃতকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছিল । পুৰাতন কালৰ পৰাই পৃথিৱীৰ অন্যতম ধৰ্মযুদ্ধ ৰূপে গণ্য কৰা হৈছে মহাভাৰতক । ক্ষমতাৰ লোভত বন্দী কৌৰৱৰ বিৰুদ্ধে থিয় দিয়া পাণ্ডৱৰ মাজৰ এই যুদ্ধৰ উদাহৰণ আজিও ব্যৱহাৰ হয় বহু ক্ষেত্ৰত ।

কিন্তু সেই মহাভাৰতৰ দৰে বৃহৎ যুদ্ধও স্তব্ধ হৈ পৰিছিল সন্ধিয়া, আনহাতে দিল্লীৰ পৌৰ সভাৰ অৰিয়াঅৰি হে শেষ নহ'ল পুঁৱতি নিশালৈ ।

এয়াই ক্ষমতাৰ লালসা আৰু লালসাত বন্দী মানুহৰ স্বভাৱ । দিল্লী পৌৰসভাৰ স্থায়ী কমিটি হৈছে পৌৰসভাৰ আটাইতকৈ শক্তিশালী কমিটি । এই কমিটিৰ বাবে প্ৰয়োজন ৬ জনকৈ প্ৰতিনিধিৰ । বুধবাৰে আৰম্ভ হোৱা প্ৰতিনিধিৰ নিৰ্বাচনত আৰম্ভ হ'ল এক উত্তপ্ত পৰিস্থিতিৰ । যি পৰৱৰ্তী সময়ত হতাহতিৰ ৰূপ লৈ অন্ত পৰে বৃহস্পতিবাৰে পুৱঁতি নিশাহে । অৰ্থাৎ উৰে নিশা অব্যাহত থাকিল ৰাজনৈতিক নেতাসকলৰ উদ্ভণ্ডালি ।

ঘটনা সন্দৰ্ভত, দিল্লীৰ মেয়ৰ শ্বেলী অবেৰ'য়ে সামাজিক মাধ্যম টুইটাৰ যোগে উত্থাপন কৰে এক অভিযোগ । এই অভিযোগ দিল্লী পৌৰসভাৰ বিৰোধী দল বিজেপিৰ বিৰুদ্ধে । বিজেপিৰ কৰ্মীসকলে মেয়ৰ গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ মেয়ৰৰ । অনুৰূপ ঘটনা দেখা গ'ল ভিডিঅ'ৰ জৰিয়তেও ।

কেৱল ইয়াতেই শেষ নহ'ল উদ্ভণ্ডালি । আম আদমি পাৰ্টী আৰু বিজেপিৰ কৰ্মীসকল বাকবিতণ্ডাৰ কিছু সময় পাছতেই ব্যস্ত হৈ পৰিল ইজনে আনজনলৈ পানীৰ বটল, বেলট বাকচ দলিওৱাত । তাৰ মাজতেই কোনোৱে বিৰোধী দলৰ কাৰোবালৈ ঘোচা নিক্ষেপ কৰা ভিডিঅ'ও প্ৰকাশ হ'ল সামাজিক মাধ্যমত । মুঠতে চৌদিশে কেৱল হাহাঁকাৰ । এনে প্ৰতিনিধিৰ হাততেই ন্যস্ত ৰাইজৰ উন্নয়ন । কথাবোৰ যেন পুনৰ ভাবিবলৈ বাধ্য হৈছে ৰাইজ ।

সন্ধিয়া থমকি ৰৈছিল মহাভাৰতৰ ৰণ, কিন্তু শান্ত নহয় নেতাসকল হে
মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিল ২০ মহীয়া শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in