ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে...

ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে...

ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে। নীতিগতভাৱে অভিন্ন হ'লেও ভাৰতীয়জনতাৰ বাবে এটা কথাত সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ লগত এটা কথাত সাদৃশ্য প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে।

আপৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) আৰু ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে কয় যে, "নীতিগতভাৱে, আমি এক অভিন্ন নাগৰিক সংহিতা সমৰ্থন কৰো। সংবিধানৰ অনুচ্ছেদ ৪৪ য়েও ইয়াক সমৰ্থন কৰে। কিন্তু যিহেতু এই বিষয়টো সকলো ধৰ্মীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত, সেয়েহে সহমত গঢ়ি তুলিবলৈ বিস্তৃত পৰামৰ্শ আৰু প্ৰচেষ্টা কৰা উচিত।"

উল্লেখ্য যে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখি বিজেপিয়ে ইউনিফৰ্ম চিভিল কোডৰ বাবে পুনৰ জোৰ দিয়াৰ পটভূমিত আপ নেতাগৰাকীয়ে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ দুখন আইনৰ ওপৰত চলিব নোৱাৰে বুলি কৈ "একেটা পৰিয়ালৰ সদস্যৰ বাবে বিভিন্ন নিয়মে" কাম কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰাৰ পাছত এই প্ৰতিক্ৰিয়া আপৰ।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন দেশ এখন আইনক সমৰ্থন কৰিছে আম আদমী পাৰ্টীয়ে। দেশত এখন আইন প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক ৰাজনৈতিক মতানৈক্য থাকিলেও আম আদমী পাৰ্টীয়ে সমৰ্থন কৰিছে। দেশৰ জনতাৰ স্বাৰ্থৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আপে সমৰ্থন কৰে বুলি আপৰ দলীয় নেতাই মত পোষণ কৰে।

ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে...
আলগাপুৰৰ এ আই ইউ ডি এফ বিধায়ক নিজামুদ্দিন আহমেদক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in