দিল্লীৰ ৭ খন আসনৰ বাবে প্ৰস্তুতি কৰিব কংগ্ৰেছে: বিৰোধী মৰ্চাত অন্তৰ্ভুক্ত নোহোৱাৰ ভাবুকি আপৰ...

দিল্লীৰ ৭ খন আসনৰ বাবে প্ৰস্তুতি কৰিব কংগ্ৰেছে: বিৰোধী মৰ্চাত অন্তৰ্ভুক্ত নোহোৱাৰ ভাবুকি আপৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ কংগ্ৰেছ-আপৰ মাজৰ যুদ্ধ প্ৰায়েই পৰিলক্ষিত হয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে বুধবাৰে দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হয়। য'ত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ সাতখন আসনৰ বাবে প্ৰস্তুতি চলাব কংগ্ৰেছে আৰু তৃণমূল পৰ্যায়ত সংগঠনটো শক্তিশালী কৰাৰ সিদ্ধান্ত কৰা হ'ব।

সূত্ৰ অনুসৰি জানিব পৰা মতে দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতাসকলে লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব দলৰ নেতৃত্বৰ ওপৰত এৰি দিছিল। অৱশ্যে দলটোৰ ৰাজ্যিক গোটৰ বেছিভাগ নেতাই মিত্ৰতাৰ বিৰোধী।

বৈঠকৰ পিছত কংগ্ৰেছ নেত্ৰী অলকা লাম্বাই কয় যে কংগ্ৰেছে দিল্লীৰ সাতখন আসনতে প্ৰতিদ্বন্দিতা কৰিব পাৰে । ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে আম আদমী পাৰ্টি। আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কয় যে যদি কংগ্ৰেছে এনে সিদ্ধান্ত লৈছে তেন্তে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া বিৰোধী বৈঠকত আপে যোগদান কৰাৰ কোনো অৰ্থ নাই।

তেওঁ কয় যে, যদি কংগ্ৰেছে দিল্লীৰ ৭ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেন্তে আমিও বিৰোধী মৰ্চা ইণ্ডিয়াৰ লগ হৈ সময় নষ্ট কৰাৰ অৰ্থ নাই। আমাৰ শীৰ্ষ নেতৃত্বই এয়া সিদ্ধন্ত ল'ব যে বিৰোধীৰ পৰৱৰ্তী বৈঠকত আপে যোগদান কৰিবনে নাই।

উল্লেখ্য যে, আজি বৈঠক সন্দৰ্ভত মালিকাৰ্জুন খাৰ্গে ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। অৱশ্যে তেওঁ এয়া স্পষ্টকৈ কোৱা নাছিল যে দিল্লীৰ ৭খন আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিব।

অৱশ্যে বৈঠকত উপস্থিত থকা এজন নেতাই কয় যে, কংগ্ৰেছৰ প্ৰস্তুতি সাতখন লোকসভা আসনতে হ'ব। মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই যি সিদ্ধান্ত ল'ব, সকলোৱে ইয়াক গ্ৰহণ কৰিব।

দিল্লীৰ ৭ খন আসনৰ বাবে প্ৰস্তুতি কৰিব কংগ্ৰেছে: বিৰোধী মৰ্চাত অন্তৰ্ভুক্ত নোহোৱাৰ ভাবুকি আপৰ...
গুৱাহাটীত পুনৰ উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in