কেজৰিৱালৰ সু-স্বাস্থ্যৰ বাবে সমূহীয়া অনশন...

কেজৰিৱালৰ সু-স্বাস্থ্যৰ বাবে সমূহীয়া অনশন...

author-image
Asomiya Pratidin
New Update
কেজৰিৱালৰ সু-স্বাস্থ্যৰ বাবে সমূহীয়া অনশন...

ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্ৰ দেশতে আপৰ সমূহীয়া অনশন কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত হৈছে আম আদমী পৰ্টীয়ে। প্ৰতিবাদী কাৰ্যসূচীত আপৰ মন্ত্ৰী-বিধায়ক, সাংসদেও অংশ লয়। দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ। উপবাসে থাকি কেজৰিৱালৰ সু-স্বাস্থ্যৰ বাবে অনশন কাৰ্যসূচী হাতত লৈছে আপৰ কৰ্মী-সমৰ্থকে।

Advertisment

উল্লেখ্য যে শেহতীয়াকৈ মধুমেহ ৰোগৰ বাবে কাৰাগাৰত অধিক অসুস্থ হৈ পৰিছে কেজৰিৱাল। ক্ৰমাৎ শৰীৰৰ ওজনো হ্ৰাস পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ । সেয়ে নেতাগৰাকীৰ সুস্বাস্থ্যৰ সমগ্ৰ দেশ জুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে।

উল্লেখযোগ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক। দিল্লীৰ ৰ'জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল।

Also Read: ধিং মহাবিদ্যালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

aap arvinda kejriwal protest