ধিং মহাবিদ্যালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

ধিং মহাবিদ্যালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ আহ্বানক্ৰমে ৭ এপ্ৰিলৰ দিনটোত বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰী আৰু বেচৰকাৰী সংগঠন সমূহৰ উদ্যোগত বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়।

এইবছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে "মোৰ স্বাস্থ্য, মোৰ অধিকাৰ" (My Health, my right)। এই বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আজি ধিং মহাবিদ্যালৰ সভাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী যুৱত কলিতাই। মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ তত্বাৱধায়ক ড০ মুকুট মনি শইকীয়াই উদেশ্যে ব্যখ্যা কৰি "ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ এক অংগ হিচাপে স্বাস্থ্যৰ অধিকাৰ বিষয়টো বিশ্লেষণ কৰি, বৰ্তমান সময়ত পৰিবতৰ্নশীল প্ৰাকৃতিক পৰিৱেশত নিজক খাপ খুৱাই সুস্থ সবল জীৱন যাপন কৰিবলৈ সুষম আহাৰ, সুস্থ চিন্তা, অতিৰিক্ত আহাৰ বৰ্জন" কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ স্বাস্থ্য বিষয়া ডা০ উৎপল মজুমদাৰে "নৱ প্ৰজন্ম তথা যুৱক-যুৱতী, কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰীভাৱে আগবঢ়োৱা বিভিন্ন আঁচনি বিশেষকৈ এনিমিয়া, হাইপাৰটেনচন, নিচা মুক্তি আদি গ্ৰহণ কৰি সেই স্বাস্থ্য সেৱাসমূহৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনাই। লগতে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত লবলগীয়া সাবধানতা, সচেতনতা আৰু পৰিস্কাৰ পৰিচন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান" কৰিবলৈ আহ্বান জনাই।

আন এগৰাকী সমল ব্যক্তি তথা এনইএআইডিৰ জীৱন কৌশলৰ প্ৰশিক্ষক দিব্য জ্যোতি বৰুৱাই "আত্ম-সচেতনতা, সহানুভূতি, জটিল চিন্তা, সৃজনীশীল চিন্তা, সিদ্ধান্তকৰণ, আন্তঃব্যক্তিক সমন্ধ, দক্ষতাপূৰ্ণ যোগাযোগ, আৱেগ নিয়ন্ত্ৰণ, দুশ্চিন্তা নিয়ন্ত্ৰণ এই দহটা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত জীৱন কৌশলৰ বিষয়ে কাৰ্যকলাপ, খেল আৰু বক্তৃতা মাজেৰে বিশ্লেষণ কৰে। সামৰণিত অধ্যক্ষ ড০ বিমান হাজৰিকাই উপস্থিত অতিথি, ছাত্ৰ ছাত্ৰী সকলক বিশ্ব স্বাস্থ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি স্বাস্থ্য পৰম ধন বুলি মত প্ৰকাশ কৰে।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু এন এছ এছ স্বেচ্ছাসেৱক সকলৰ স্বাস্থ্য পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰে ড০ উৎপল মজুমদাৰে।

ধিং মহাবিদ্যালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন
শিশুৰ কাকলিৰে মুখৰিত নন্দিনী মেলাঃ মেজিক আৰ্টৰ প্ৰশিক্ষণলৈ যথেষ্ট আগ্ৰহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in