''চিবিআই জিম্মাত মনীষ ছিচদিয়াক মানসিক নিৰ্যাতন চলোৱা হৈছে''

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়াক চিবিআইৰ জিম্মাত মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে। এই অভিযোগ আপৰ।

author-image
Asomiya Pratidin
New Update
''চিবিআই জিম্মাত মনীষ ছিচদিয়াক মানসিক নিৰ্যাতন চলোৱা হৈছে''

ডিজিটেল ডেস্ক: আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়াক চিবিআইৰ জিম্মাত মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে। এই অভিযোগ আপৰ। দলটোৰ নেতা সকলে কয় যে চিবিআইৰ বিষয়াসকলে "মিছা স্বীকাৰোক্তি"ত স্বাক্ষৰ কৰাটো বিচাৰে। সংবাদ মেল সম্বোধন কৰি আপৰ নেতা সঞ্জয় সিঙে এই কথা সদৰি কৰে।

Advertisment

সিঙে কয় যে, " যোৱা ছয় দিন ধৰি মনীষ চিছোদিয়াক চিবিআই জিম্মাত লোৱা হৈছে। আমি তথ্য পাইছো যে মনীষ চিছোদিয়াক মানসিকভাৱে অত্যাচাৰ কৰা হৈছে যাতে তেওঁ মিছা স্বীকাৰোক্তিত স্বাক্ষৰ কৰে।

সিঙে কয় যে ছিচদিয়াই তেওঁৰ অধিবক্তাক ইংগিতৰ জৰিয়তে এই কথা জনাইছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ছিচদিয়াত। তাৰ পাছতেই ছিচদিয়াই দিল্লী উপমুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

Also Read: দুৰ্ঘটনাত পতিত ট্ৰাক, থিতাতে মৃত্যু ২১ টা গৰুৰ...

aap manish sisodia