দুৰ্ঘটনাত পতিত ট্ৰাক, থিতাতে মৃত্যু ২১ টা গৰুৰ...

গো ধনৰ অবৈধ সৰবৰাহ বন্ধ কৰিৱৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে যদিও বৰ্তমান গো ধন সৰবৰাহ চলিয়েই আছে অসমত।

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাত পতিত ট্ৰাক, থিতাতে মৃত্যু ২১ টা গৰুৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাট ঃ গো ধনৰ অবৈধ সৰবৰাহ বন্ধ কৰিৱৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে যদিও বৰ্তমান গো ধন সৰবৰাহ চলিয়েই আছে অসমত। শনিবাৰে পুৱতি নিশা চতিয়া আৰক্ষী থানাৰ সমীপতে মৰনৈ নদীৰ দলংৰ ওপৰত বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা NL-01- AD -5839 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকে একে দিশৰ পৰা আহি থকা AS-12 -BC -7421নম্বৰৰ ব'লেৰো পিক‌আপ ভান গাড়ীত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

Advertisment

এই দুৰ্ঘটনা গাড়ীত থকা ২১টা গৰুৰ তিনিটা গৰুৰ থিতাতে মৃত্যু হয় আৰু কেইবাটাও গৰু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। অতি নিদাৰুণ ভাৱে গৰু সমূহ ইটোৰ গাত সিটো বান্ধি অনা হৈছিল। এই গৰু ভৰ্তি ট্ৰাকখনে বান্দৰ দেৱাৰ পৰা গৰু লৈ আনিছিল তেজপুৰলৈ।

চতিয়া আৰক্ষী থানাৰ সমীপত চতিয়া আৰক্ষীৰ তহলদাৰি আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰোতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে বলেৰ' গাড়ীখনত খুন্দা মাৰি ট্ৰাক হেলনীয়া হৈ পৰে৷ আৰক্ষীয়ে প্ৰথম অৱস্থাত গৰু ভৰ্তি গাড়ী বুলি অনুমান কৰিব পৰা নাছিল যদিও পাছতে ওলাই পৰিল ৰহস্য।

ইতিমধ্যে গৰুভৰ্তি গাড়ীখনৰ চালকসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।এতিয়া প্ৰশ্ন হয় বান্দৰদেৱাৰ পৰা বহু কেইজখন আৰক্ষী থানা পাৰ হৈ চতিয়া পালেহি কেনেকৈ গৰু ভৰ্তি গাড়ীখন৷ একাংশ আৰক্ষীৰ গৰু সৰবৰাহকাৰীৰ লগত আছে নেকি গোপন মিতিৰালি?

চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শ‌ইকীয়াই নিশাৰ ভাগত নিতৌ চতিয়াত নাকা চেকিং আৰু আৰক্ষীৰ তহলদাৰি দলক সক্ৰিয় কৰি ৰখাৰ ফলতেই এই চোৰাং গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আগতেও চতিয়া আৰক্ষীয়ে কেইবাখনো গৰু ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে।

Also Read: দুমুনিচকীৰ হ'লী মেৰী ইণ্টাৰনেচনেল স্কুলত অভিভাৱক অভিৱৰ্তন

jamugurihat