Advertisment

আপলৈ ডাঙৰ সকাহ! সুৰা নীতি কেলেংকাৰী অভিযুক্ত সঞ্জয় সিঙৰ জামিন লাভ

ন্যায়ালয়ৰ বিচাৰপীঠত আছিল সঞ্জীৱ খান্না, ন্যায়মূৰ্তি দীপাংকৰ দত্তা আৰু ন্যায়মূৰ্তি পিবি বৰালে। বিচাৰপীঠখনে ইডিক সোধা পোচা কৰাৰ অন্তত সঞ্জয় সিঙত জামিন প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
আপলৈ ডাঙৰ সকাহ! সুৰা নীতি কেলেংকাৰী অভিযুক্ত সঞ্জয় সিঙৰ জামিন লাভ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টীলৈ ডাঙৰ সকাহ। জামিন লাভ কৰিলে আপ সাংসদ সঞ্জয় সিঙে। সুৰা নীতি কেলেংকাৰী গোচৰত ৬ মাহ ধৰি জেলত আছিল সঞ্জয় সিং। উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। ন্যায়ালয়ে কয় যে, সঞ্জয় সিঙে ৰাজনৈতিক কাম-কাজতো অংশ গ্ৰহণ কৰিব পাৰিব।

Advertisment

ন্যায়ালয়ৰ বিচাৰপীঠত আছিল সঞ্জীৱ খান্না, ন্যায়মূৰ্তি দীপাংকৰ দত্তা আৰু ন্যায়মূৰ্তি পিবি বৰালে। বিচাৰপীঠখনে ইডিক সোধা পোচা কৰাৰ অন্তত সঞ্জয় সিঙত জামিন প্ৰদান কৰে।

ন্যায়ালয়ে ইডিক প্ৰশ্ন কৰিছিল- সঞ্জয় সিঙক এতিয়াও জেলত ৰখাৰ প্ৰয়োজন কি আছে? ন্যায়ালয়ে কয় যে, ধন কেলেংকাৰীৰ কোনো সত্যাসত্য নাই আৰু কোনো প্ৰমাণ বিচাৰি পোৱা নাই।তাৰপাছতো তেওঁক ৬ মাহ জেলত ৰখা হ'ল।

সঞ্জয় সিঙক জামিন প্ৰদান কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল হৈছিল। এই আবেদনৰেই শুনানি হৈ আছিল ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আপৰ সাংসদৰ পৰামৰ্শদাতাৰ যুক্তি স্বীকাৰ কৰে যে সঞ্জয় সিঙৰ পৰা কোনো ধন উদ্ধাৰ কৰা হোৱা নাই । লগতে এয়াও কয় যে, তেওঁৰ বিৰুদ্ধে ২ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগৰ তদন্ত কৰিব পাৰিব।

উল্লেখ্য যে, সঞ্জয় সিঙক ২০২৩ চনৰ ৪ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। পৰৱৰ্তী সময়ত সঞ্জয় সিঙে জামিন বিচাৰি কৈছিল যে তেওঁ তিনি মাহৰো অধিক সময় ধৰি জিম্মাত আছে আৰু অপৰাধটোত তেওঁৰ কোনো ভূমিকা নাছিল। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ত ইডিয়ে আপ সাংসদ গৰাকীৰ জামিনৰ বিৰোধিতা কৰিছিল আৰু উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছিল।

Also Read: APSC ৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান

aap SANJAY SINGH