আপৰ সাংসদ ৰাঘাৱ চড্ডাৰ নিলম্বন প্ৰত্যাহাৰ...

আপৰ সাংসদ ৰাঘাৱ চড্ডাৰ নিলম্বন প্ৰত্যাহাৰ...

author-image
Asomiya Pratidin
New Update
আপৰ সাংসদ ৰাঘাৱ চড্ডাৰ নিলম্বন প্ৰত্যাহাৰ...

আপৰ সাংসদ ৰাঘাৱ চড্ডাৰ নিলম্বন প্ৰত্যাহাৰ...

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ নিলম্বন উঠাই ল'লে অধ্যক্ষ জগদীপ ধনখড়ে। সোমবাৰৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সাংসদগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।

Advertisment

ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ বিশেষাধিকাৰ সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে তেওঁৰ নিলম্বনৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰা হয়।

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত তেওঁক নিলম্বন কৰা হৈছে। বিজেপি সাংসদ জি ভি এল নৰসিংহ ৰাওৰ প্ৰস্তাৱৰ ভিত্তিত নিলম্বিত কৰা হৈছিল সাংসদগৰাকীক।

সাংসদগৰাকীৰ নিলম্বন প্ৰত্যাহাৰৰ পাছতে চাড্ডাই কয়, ১১৫ দিন তেওঁক নিলম্বন কৰি ৰখা হৈছিল। সেয়ে তেওঁ জনসাধাৰণৰ প্ৰশ্নবোৰ সংসদত উত্থাপন কৰিব পৰা নাছিল। তেওঁৰ নিলম্বন প্ৰত্যাহাৰৰ পাছতে উচ্চতম ন্যায়ালয় আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক ধন্যবাদ জ্ঞাপন কৰিছে।

সংসদৰ বিশেষাধিকাৰ ভংগৰ অভিযোগত নিলম্বিত হোৱা ৰাঘৱ চাড্ডাই তেওঁৰ এই নিলম্বৰ অবৈধ আৰু আইন বিৰোধী আখ্যাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে তেওঁক ৰাজ্যসভাৰ অধ্যক্ষগৰাকীক চৰ্তহীন ক্ষমা বিচাৰিবলৈহে পৰামৰ্শ দিছিল।

Also Read: দুই উগ্ৰপন্থী গোটৰ মাজৰ সংঘৰ্ষত মণিপুৰত ১৩ জনে হেৰুৱালে প্ৰাণ...

আপ ৰাঘাৱ চড্ডা