ঘৰত বিয়াঃ অন্তৱৰ্তীকালীন জামিন পালে মনিষ চিছোদিয়াই...

আৱকাৰী কেলেংকাৰীত প্ৰায় এবছৰে কাৰাৰুদ্ধ হৈ আছে আপ নেতাগৰাকী
ঘৰত বিয়াঃ অন্তৱৰ্তীকালীন জামিন পালে মনিষ চিছোদিয়াই...
ঘৰত বিয়াঃ অন্তৱৰ্তীকালীন জামিন পালে মনিষ চিছোদিয়াই...

ডিজিটেল ডেস্কঃ আৱকাৰী কেলেংকাৰীত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিনায়ৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে ন্যায়ালয়ে। সোমবাৰে দিল্লী আদালতে আপ নেতাজনৰ তিনি দিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে মনিষ চিছোদিয়াৰ ভাতৃৰ বিয়াৰ বাবে তেওঁ আদালতত অন্তৱৰ্তীকালীন জামিন আৱেদন দাখিল কৰিছিল আৰু এই আৱেদন গ্ৰহণ কৰিছে আদালতে। সোমবাৰে চিছোদিয়াই দাখিল কৰা অন্তৰ্ৱতীকালীন জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হৈছিল।

এই শুনানিৰ অন্তত ন্যায়ালয়ে তেওঁক ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। আনহাতে অসুস্থ পত্নীৰ সাক্ষাৎ কৰাৰ বাবেও তেওঁ সপ্তাহৰ এটা দিন জে'লৰ পৰা বাহিৰলৈ আহিছে।

যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীৰ আৱকাৰী দুৰ্নীতি গোচৰত চি বি আইৰ হাতত গ্ৰেপ্তাৰ হৈছিল মনিষ চিছোদিয়া। ইয়াৰ পাছত ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে জে'লতেই তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে।

তাৰ পাছৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে।যোৱা ৩০ অক্টোবৰত তেওঁৰ জামিন আৱেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

স্মৰ্তব্য, ২০২১-২২ ৰ আৱকাৰী নীতি অনুসৰি দিল্লী চৰকাৰে কেইবাজনো মদ ব্যৱসায়ীক অগ্ৰাধিকাৰৰ ভিত্তিতে বিশেষ সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই আৱকাৰী নীতিত অবৈধ ধন লেনদেনৰ অভিযোগ উঠিছিল। অৱশ্যে এই সকলো অভিযোগ নস্যাৎ কৰি আহিছে। পৰৱৰ্তী সময়ত এই নীতি বাতিল কৰা হৈছে।

ঘৰত বিয়াঃ অন্তৱৰ্তীকালীন জামিন পালে মনিষ চিছোদিয়াই...
লালুৰ দলৰ ভোটেৰে বিহাৰত নীতিশৰ NDA ৰ চৰকাৰঃ জয়ী আস্থাভোটত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in